আজি দৰং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুৰ্যোগ প্ৰশমন বিভাগৰ এখনি বৈঠক সম্বোধন কৰে দৰং জিলাৰ ৪জন বিধায়কে।

এই বৈঠকত বানে বিধ্বস্ত কৰা জিলাখনৰ ছিপাঝাৰ লগতে মঙ্গলদৈ আৰু দলগাও বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চল সমূহ বানে ক্ষতিগ্ৰস্ত কৰিলে সেই ক্ষতিগ্ৰস্ত কৰা অঞ্চল সমূহ কিদৰে ঠিক কৰা হয় যিসকল ৰাইজে ক্ষতিপূৰণ পাব লগা এই বিষয়ে আলাপ-আলোচনাত মিলিত হয় দৰং জিলাৰ সকলো বিধায়ক আৰু সকলো ক্ষতিগ্ৰস্ত হোৱা ৰাইজে যাতে সঠিকভাৱে ক্ষতিপূৰণ সমূহ লাভ কৰে তাৰ বাবে বিভাগীয় বিভাগ তথা বিষয়া সকলক পৰামৰ্শ আগবঢ়াই আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ যি বানে বিধ্বস্ত ৰাজ্যখনৰ স্থানসমূহক পুনৰ আকৌ স্বাভাৱিক অৱস্থালৈ উভতাই অনাৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ বাবে এই সভাত আজি সকলো বিভাগকে তৎপৰ হৈ কাম কৰি যাতে সকলো ধৰণৰ কাম সুন্দৰ ভাৱে পৰিচালিত হয় তাৰ বাবেও পৰামৰ্শ প্ৰদান কৰে।

এই সভাখনত মঙলদৈ লোকসভা সমষ্টিৰ মাননীয় সাংসদ দিলীপ শইকীয়া মহোদয়, দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা মহোদয়, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস মহোদয়, দলগাওঁ সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান মহোদয়, কলাইগাওঁ সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়ো উপস্থিত থাকে।