মৰিগাঁৱৰ মৈৰাবাৰীত জেহাদীৰে লিংক থকাৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে।

বিধায়ক ইছলামে কয়, ‘ৰাজ্যত যেতিয়াই কেতিয়াবা ইচ্ছ্যু হয় বা চৰকাৰৰ কাম-কাজত জনতা ক্ষোভিত হয় তেতিয়াই জেহাদী বা মৌলবাদীৰ প্ৰসংগ আনে। এয়া কেৱল ইচ্ছ্যু ডাইভাৰ্ট কৰাৰহে কৌশল’।

‘যদি মোৰ সমষ্টিত জেহাদী আছে বা মাদ্ৰাছাৰ শিক্ষকৰ সৈতে যদি ইয়াৰ কিবা সম্পৰ্ক আছে তেন্তে সেয়া আৰক্ষীয়ে অনুসন্ধান কৰিব। যদি এইবোৰ সঁচা হয় তেনেহলে কঠোৰ শাস্তি দিব লাগে’, এইদৰে কয় ইছলামে।

চৰকাৰৰ দুৰ্নীতি ফাদিল হ’ব হ’লেই জেহাদী-মৌলবাদীৰ প্ৰসংগ টানি আনি গ্ৰেপ্তাৰ কৰাৰ নাটক কৰে বুলি এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে মন্তব্য কৰে।