বছৰ বছৰ ধৰি হাতী মানুহৰ সংঘাতে এক ভয়াবহ ৰূপ ধাৰণ কৰি আহিছে গোলাঘাট জিলাৰ এটা বৃহৎ এলেকাত। হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বিভিন্ন সময়ত বহু চৰকাৰী আচনি গ্ৰহণ কৰা হৈছে যদিও আশানুৰূপ সমাধান হোৱা নাই। জিলা খনৰ আইতনীয়া মিৰি গাওঁ হৈছে হাতী মানুহৰ সংঘাতৰ অন্য এক নাম। সেই স্থানৰ দীৰ্ঘদিনীয়া এই সমস্যাৰ স্থায়ী সমাধান কৰিবৰ বাবে অৱশেষত ২০২১ চনত আইতনীয়া মিৰি গাঁৱত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে চ'লাৰ ফেঞ্চিং প্ৰকল্পৰ আধাৰশিলা কৰা হয়। আৰু সম্পুৰ্ণ হোৱা সেই প্ৰকল্পৰ আজি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগে। ২৮ লাখ টকা ব্যয় সাপেক্ষে প্ৰায় ৬ কিলোমিটাৰ দুৰত্ব চলাৰ ফেঞ্চিঙৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। গোলাঘাট জিলাৰ মৰঙী মৌজাতো অব্যাহত থকা হাতী মানুহৰ সংঘাত ৰোধৰ বাবে পৰ্য্যায় ক্ৰমে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী অজন্তা নেওগে। লগতে গোলাঘাট জিলাৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ফৰকাটিং মহাবিদ্যালয়ত আজি মন্ত্ৰী অজন্তা নেওগ উপস্থিত হৈ বিধায়ক পুজিৰ পৰা 50 লাখ টকাৰ অনুদান আগবঢ়ায় মহাবিদ্যালয় খনলৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PAK से लगातार बातचीत का युग खत्म:हरकतों का खामियाजा भुगतना पड़ता है-एस.जयशंकर
विदेश मंत्री एस जयशंकर ने कहा है कि पाकिस्तान के साथ बिना किसी रुकावट के बातचीत का युग अब खत्म हो...
रेलवे कॉलोनी इलाके के काला तालाब इलाके में युवक से पुरानी रंजिश में मारपीट
रेलवे कॉलोनी इलाके के काला तालाब इलाके में युवक से पुरानी रंजिश में मारपीट
લાયન્સ કલબ ઓફ સુરેન્દ્રનગર દ્વારા ગુરૂપૂર્ણિમાની ઉજવણી
લાયન્સ ક્લબ ઓફ સુરેન્દ્રનગર રોયલ દ્વારા ગુરુપૂર્ણિમા નિમિતે PGNMS ગર્લ્સ હાઈસ્કુલના વિધાર્થીઓ...
Royal Enfield ने फाइल किया Bullet 650 Twin का ट्रेडमार्क, भारतीय बाजार में जल्द मार सकती है एंट्री
Royal Enfield ने नेमप्लेट ट्रेडमार्क Bullet 650 Twin के नाम से दायर किया है। यह भारतीय बाजार में...
খোৱাঙত মাছৰ উজান, সহস্ৰাধিক লোকে কুইণ্টলে কুইণ্টলে ধৰিছে উজানৰ মাছ
খোৱাঙত মাছৰ উজান, সহস্ৰাধিক লোকে কুইণ্টলে কুইণ্টলে ধৰিছে উজানৰ মাছ