অসম -অৰুণাচল সীমা সমস্যাৰ সন্দৰ্ভত অৰুণাচল কানুবাৰীত দুয়োখন ৰাজ্যৰ মাজত হোৱা বৈঠকৰ পাছতেই অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিক্ৰিয়া ৷

অসম - অৰুণাচলৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা সীমা বিবাদৰ পাছতেই অসম চৰকাৰৰ মন্ত্ৰী , বিধায়ক , চৰাইদেউ জিলা প্ৰশাসন আৰু অৰুণাচল প্ৰদেশৰ মন্ত্ৰী , বিধায়ক আৰু লংডিং জিলা প্ৰশাসনৰ মাজত অৰুণাচলৰ কানুবাৰীত এক বৈঠকত মিলিত হয় ৷ বৈঠকৰ পাছতেই অসমৰ ভূমিত অৰুণাচল চৰকাৰে অবৈধ ভাৱে স্থাপন কৰা তিনিখন গাওঁ পৰিভ্ৰমণ কৰে দুয়োখন ৰাজ্যৰ মন্ত্ৰী বিধায়কৰ লগতে জিলা প্ৰশাসন ৷ অসমৰ মাটিত অবৈধ ভাৱে অৰুণাচল চৰকাৰে স্থাপন কৰা নাহৰণিত বসবাস কৰা গাওঁবাসীৰ সৈতে মত বনিময় কৰে ৷ মত বিনিময় কৰাৰ মাজতেই অসমৰ ভূমিত বসবাস কৰা অৰুণাচলী সকলক ক'ত বসবাস কৰিব বুলি প্ৰশ্ন কৰে ৷ প্ৰশ্নৰ অন্তত অৰুণাচলী সকলে অৰুণাচলতে বসবাস কৰিম অসমত নহয় বুলি মন্তব্য কৰে ৷ ইয়াৰ পাছতেই সীমান্তৰ চৰাইপুঙত পুৱাই উপস্থিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ লগতে সাপেখাতী আঞ্চলিক সমিতিৰ এটি সজাঁতি দলে ৷ অসমৰ ভূমিত অবৈধ ভাৱে গাওঁ স্থাপন কৰি বসবাস কৰা অৰুণাচলীসকলক উচ্ছেদ কৰাৰ দাবী জনোৱাৰ লগতে এক ইঞ্চি মাটিও অৰুণাচল গতাই নিদিবলৈ আহ্বান জনালে অসম চৰকাৰক ৷ অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ৷