শনিবাৰে তিনিচুকীয়াৰ ডিগবৈত দ্বিতীয় বাৰ্ষিক তিনিচুকীয়া জিলা কাৰাটে চেম্পিয়নচিপ ২০২২ ৰ শুভাৰম্ভ হৈ যায়  ।

অসম অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত , অসম ৰাজ্যিক কাৰাটে এছচিয়েচনৰ অধীনৰ কাৰাটে এছচিয়েচন অফ তিনিচুকীয়াৰ উদ্যোগত ডিগবৈস্থিত পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত দ্বিতীয় বাৰ্ষিক কাৰাটে চেম্পিয়নচিপ ২০২২ অনুষ্ঠিত হৈছে ।

শনিবাৰে পতাকা উত্তোলনেৰে দুয়োটা দিনৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে তিনিচুকীয়া জিলা কাৰাটে এছচিয়েচনৰ সভাপতি জ্যোতিমণি মৰাণে ।

উক্ত প্ৰতিযোগিতা খনত তিনিচুকীয়া জিলাৰ ১৪টা ক্লাৱৰ নিৰ্বাচিত ৪০০ গৰাকীৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ।