অসম মূলুকত ঘটিছে এটা আচৰিত ঘটনা। অন্ধবিশ্বাসৰ বলি হৈ ডাইন গাত লগাৰ সন্দেহত এগৰাকী মৃত ব্যক্তিক জীয়াই তুলিবৰ বাবে এগৰাকী পূজাৰী আহি পূজা অৰ্চনা কৰাৰ ঘটনাই এতিয়া সৰ্বত্তে চৰ্চা লাভ কৰিছে। ঘটনাৰ বিৱৰণ অনুসৰি যোৱা শনিবাৰে সাপে দংশন কৰাৰ পিছত মৃত্যু হয় চনা কিষান নামৰ ব্যক্তিজনৰ। মঙ্গলবাৰে নিশা পৰ্যন্ত তিনিদিন ধৰি মৃত্যু হোৱা ব্যক্তিৰ গাত'ত পুতি থোৱা অৱস্থাত চয়ম্ভু এজন পূজাৰী আহি জোৰা পকাত পূজা অৰ্চনা কৰি মৃত ব্যক্তিগৰাকীক জীয়াই তোলাৰ অপ্ৰাণ চেষ্টা কৰিছে। নীৰৱ হৈ হাজাৰ হাজাৰ গাঁওবাসীয়ে ৰ' লাগি চয়ম্ভু পূজাৰী গৰাকীৰ কৰ্ম কাণ্ড প্ৰত্যক্ষ কৰিছে। "চনা কিষান সেই ব্যক্তিজনৰ ডাইনী লগাৰ মৃত্যু হৈছে , সাপে দংশন কৰাৰ বাবে মৃত্যু হোৱা নাই" বুলি বিস্ফোৰক মন্তব্য কৰিছে চয়ম্ভু পূজাৰী জনে। কিন্তু বুধবাৰৰ পুৱা পৰ্যন্ত কোনোধৰণৰ প্ৰমাণ নোপোৱাত সন্দেহ উপজে গাঁওবাসীৰ। পূজাৰী গৰাকীক গাঁওবাসীয়ে প্ৰশ্ন কৰাৰ কিছু সময়ৰ পিছতেই ঘটনা স্থলীৰ পৰা পলায়ন কৰে চয়ম্ভু পূজাৰী গৰাকী। এই আজব ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ খুবাং চাহ বাগিচা অন্তৰ্গত চামগুৰি N/G কথৰ বস্তিত। তথ্য প্ৰযুক্তিৰ যুগতো অন্ধ বিশ্বাসে গা কৰি উঠা এনেধৰণৰ মৃত ব্যক্তিক জীয়াই তোলাৰ প্ৰয়াস কৰাৰ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলযুৰি সাঞ্চল্যৰ সৃষ্টি কৰিছে। এনেধৰণৰ অন্ধ বিশ্বাসৰ দৰে ঘটনা সংঘটিত হৈছে এইখন অসম মুলুকত। অন্ধবিশ্বাসৰ বলি হৈ এনেধৰণৰ কৰ্মকাণ্ড সংঘটিত হৈ যোৱাৰ পিছতো তালাপ আৰক্ষী চকীৰ নীৰৱ ভূমিকাই এতিয়া হতভম্ব কৰি তুলিছে সচেতন সমাজক।
আজৱ পৃথিৱীৰ আজৱ ঘটনা: সাপে দংশন কৰা মৃত ব্যক্তিক লৈ চয়ম্ভু পূজাৰীৰ দ্বাৰা তিনিদিন ধৰি পূজা অৰ্চনা
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_53ae51468d484c4d572377b58ab5049a.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)