জিলাৰ কাহঁশিল্প নগৰী সৰ্থেবাৰীস্থিত অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল ৰাজনন্দিনীৰ আখৰা গৃহত বৃহস্পতিবাৰে সন্ধিয়া দুমহীয়া জেপ কাব্য আলোচনী "বাঁহী" উন্মোচন কৰা হয়। নলবাৰীৰ ৰামপুৰৰ সুৰজ চন্দনৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত দুমহীয়া জেপ কাব্যালোচনী 'বাঁহী'ৰ জুলাই - আগষ্ট সংখ্যাটো উন্মোচন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক , বিশিষ্ট কবি তথা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ মুখ্য প্ৰযোজক নকুল তালুকদাৰে। উল্লেখ্য যে বিশিষ্ট সাংবাদিক নকুল তালুকদাৰৰ জন্মদিনত জেপ কাব্য আলোচনী বাঁহী উন্মোচনেৰে ব্যতিক্ৰমভাবে উদযাপন কৰা হয় তালুকদাৰৰ জন্মদিন। উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে সাহিত্য -সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠক , বিৰিণা গোষ্ঠী অসমৰ সদস্য জেহেৰুল ইছলাম , অসমৰ উদীয়মান জনপ্ৰিয় সংগীত শিল্পী পি জে প্ৰিঞ্চ , জুৰি তালুকদাৰ লগতে কেইবাগৰাকী ন পুৰণি কবি, নাট্য শিল্পী | বিৰিণা গোষ্ঠী অসমৰ সম্পাদক তথা কবি- সাংবাদিক তফিকুৰ ৰহমানে আঁত ধৰা উন্মোচনী অনুষ্ঠানটোত বৰপেটা জিলাৰ বিশিষ্ট কবি তথা সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক আৰু বাঁহীৰ এই সংখ্যাটোৰ উন্মোচক নকুল তালুকদাৰৰ ওপজা দিনটোত আলোচনীখনৰ সংখ্যাটো উন্মোচন কৰি শুভ জন্মদিনৰ উপহাৰ দিয়ে বাঁহীৰ সম্পাদনা সমিতিয়ে ৷ ২০১৯ চনৰ পৰা দুই মাহৰ মূৰে মূৰে বাঁহী কাব্য আলোচনীখন প্ৰকাশ পাই আহিছে বুলি জানিব দিয়ে সম্পাদক সুৰজ চন্দনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रेलवे के फूड स्टाॅल्स कैंटीन पेन्ट्री कार किचन का क्या निरीक्षण
रेलवे के फूड स्टॉल्स, कैंटीन, पेन्ट्री कार किचन का किया निरीक्षण
- मुख्य वाणिज्य निरीक्षक...
ડીસા માં પવન સાથે વરસાદ વરસ્યો...
ડીસા માં પવન સાથે વરસાદ વરસ્યો...
Box Office Report: चट्टान की तरह खड़ी है 'द केरल स्टोरी', PS 2 और 'किसी का भाई...' की हुई इतनी कमाई
दर्शकों के मनोरंजन के लिए बॉक्स ऑफिस पर एक ही समय में कई तरह की फिल्में उपलब्ध रहती हैं। इस बार...
सोसाइटी में Anju की एंट्री बैन, बच्चों ने मिलने से किया इनकार | Anju Retrun to India | Nasrullah
सोसाइटी में Anju की एंट्री बैन, बच्चों ने मिलने से किया इनकार | Anju Retrun to India | Nasrullah
કાલોલ મા કેવાયસી કરાવવા ગ્રાહકોએ લગાવી લાંબી કતારો
એલ પી જી ગેસ કનેક્શન ધરાવતા ગ્રાહકોને કેવાયસી કરાવવા છેલ્લી તારીખ ૧૫ મી હોવાનો મોબાઈલ પર...