নতুন দিল্লী, ২৬ আগষ্ট। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই কয় যে তেওঁৰ বিৰুদ্ধে চিবিআইৰ এজাহাৰ সম্পূৰ্ণৰূপে ভুৱা আছিল। সমান্তৰালকৈ তেওঁও বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে বিজেপি শাসিত কেন্দ্ৰীয় ৰাজ্য চৰকাৰসমূহ শেষ কৰিবলৈ তেওঁলোকে চিৰিয়েল কিলাৰৰ দৰে কাম কৰি আছে। প্ৰধানমন্ত্ৰী মোডীয়ে আনৰ ভাল কাম দেখি অসুৰক্ষিত অনুভৱ কৰে। যদি মোদীৰ ঠাইত অৰবিন্দ কেজৰিৱাল প্ৰধানমন্ত্ৰী হ'লহেঁতেন তেন্তে কেজৰিৱালে এনেকুৱা একো কামেই নকৰিলেহেঁতেন। 

চিছোদিয়াই লগতে কয় যে অৰবিন্দ কেজৰিৱালে কেন্দ্ৰৰ সকলো ভাল পদক্ষেপত প্ৰধানমন্ত্ৰী মোদীক সমৰ্থন কৰি আহিছে কিন্তু প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বিপৰীতেহে কাম কৰা দেখা গৈছে। চিবিআই বিষয়াসকলে চিছোদিয়াৰ বাসগৃহত ১৪ ঘণ্টা ধৰি চলোৱা অভিযানত তেওঁৰ কাপোৰৰ লগতে লক্ষণীয় বিষয়টো হল তেওঁৰ সন্তানৰ কাপোৰো বিচাৰিছিল। কিন্তু তাৰ পিছতো একো তথ নাপালে চিবিআইয়ে। 

উপ–মুখ্যমন্ত্ৰীয়ে তেওঁৰ চৰকাৰৰ ২০২১-২২ বৰ্ষৰ আবকাৰী নীতি উদ্ধাৰ কৰে. কিন্তু ইয়াক এতিয়া প্ৰত্যাহাৰ কৰা হৈছে। "আবকাৰী নীতিত জনসাধাৰণৰ ওপৰত কোনো বোজা নাছিল আৰু চৰকাৰৰ ৰাজহও বৃদ্ধি পাইছিল। কিন্তু তথাপিও বিজেপিয়ে ইয়াত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আছিল বুলি চিছোদিয়াই সদনত এইদৰে কয়।

উল্লেখ্য যে বৃহস্পতিবাৰে দিল্লী বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন আৰম্ভ হৈছে। সদন আৰম্ভ হোৱাৰ লগে লগে বিজেপি বিধায়কসকলে হুলস্থূল পৰিৱেশৰ সৃষ্টি কৰে। বিজেপি বিধায়ক অজয় মহাৱাৰ আৰু অভয় বাৰ্মাই তেওঁলোকৰ আসনত থিয় হৈ শ্ল'গান দিয়া পৰিলক্ষিত হয়। সমান্তৰালকৈ আপৰ বিধায়কসকলে শ্ল'গান দিয়ে। আনহাতে বিৰোধীয়েও শ্ল'গান দিয়ে। তাৰ পিছত সদন কিছু সময়ৰ বাবে স্থগিত ৰখা হয়।