বকো হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনক নিলম্বন কৰা হৈছে।
মধ্যাহ্ন ভোজনৰ ৫ লাখ ৭০ হাজাৰ টকা আত্মসাতৰ অভিযোগৰ ভিত্তিত নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰা হয়।
সংবাদ মাধ্যমে পোহৰলৈ আনিছিল এই ভয়ংকৰ দুৰ্নীতিৰ তথ্য।
অভিযোগ অনুসৰি পৰিচালনা সমিতিৰ অজ্ঞাতে ভাৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীয়ে উলিয়াই আহিছিল ধনৰাশি।তদুপৰি মধ্যাহ্ন ভোজনৰ চাউল হৰলুকিতো তেঁও অভিযুক্ত।
তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বিদ্যালয় পৰিদৰ্শক ঠাকুৰীয়াই এই নিৰ্দেশনা প্ৰদান কৰিছে।
উল্লেখ্য যে, মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ প্ৰসংগক লৈ প্ৰাক্তন ছাত্ৰই এজাহাৰ দাখিল কৰিছিল বকো আৰক্ষী থানাত। দক্ষিণ পশ্চিম ছাত্ৰ সন্থাইয়ো বকোৰ চক্ৰ বিষয়াৰ জৰিয়তে উপায়ুক্তলৈ স্মাৰক পত্ৰ দাখিল কৰিছিল।
জানিব পৰা মতে বিদ্যালয়ৰ পঞ্জাব নেশ্যনেল বেংকত থকা একাউণ্টৰ পৰা উইড্ৰ' কৰা হৈছিল ধনৰাশি। ৪৮ বেগ মধ্যাহ্ন ভোজনৰ চাউল বিতৰ্কতো জড়িত প্ৰধান শিক্ষক প্ৰদীপ বৰ্মন।