অসম-অৰুণাচল প্ৰদেশৰ বিবদমান এলেকা পৰিদৰ্শন কৰি কি কলে মন্ত্ৰী বিমল বড়াই।
দীৰ্ঘদিন ধৰি বিবদমান অৱস্থাত থকা চৰাইদেউ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ চৰাইপুঙ অঞ্চল পৰিদৰ্শন কৰি সীমা বিবাদ সমাধান সন্দৰ্ভত মন্তব্য আগবঢ়ালে মন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য যে অঞ্চলটোত নিৰ্ধাৰিত অসম-অৰুণাচল প্ৰদেশ সীমা অতিক্ৰম কৰি অৰুণাচলীয়ে অসমৰ মাটিত গাঁও স্থাপন কৰা সন্দৰ্ভত বহুবাৰ বাতৰি প্ৰকাশ পাইছিল বিগত সময়ত। তাৰ পিছতে বিবদমান এলেকা পৰিদৰ্শন কৰি দুয়োখন ৰাজ্যৰ মাজত বুজাবুজিৰ মাধ্যমেৰে সীমা বিবাদ সমাধান কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
 
  
  
   
  
  