ঢকুৱাখনা মহকুমাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত ৬৪১ নং বৰবাৰী জনজাতি প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক বিশ্বজিৎ পেগুক অন্য এখন বিদ্যালয়লৈ বদলি কৰণ বাতিলৰ দাবীত কালি শুক্ৰবাৰে শিক্ষাৰ্থী আৰু অভিভাৱক সকলে শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ।পুৱাই অভিভাৱক সকলে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ পথত তলা লগাই টেট শিক্ষক পেগুক বদলি কৰণ বাতিল কৰক,শিক্ষাৰ্থী অনুপাতে আৰু অধিক শিক্ষক নিযুক্তি দিয়ক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলেও৷

 স্থানীয় লোক তথা অভিভাৱকৰ দাবী বিদ্যালয়খনত প্ৰায় ১১৮ জনতকৈ অধিক ছাত্র ছাত্রী থকাৰ পাছতো কি কাৰণত শিক্ষকজনক অন্য বিদ্যালয়লৈ বদলি কৰিলে এক চিন্তনীয় বিষয় হৈ পৰিছে বুলি সংবাদ মাধ্যমৰ আগত  ৰাইজে মত প্ৰকাশ কৰে৷  লগতে এইখন বিদ্যালয়ত প্ৰায় পাঁচখন চুবুৰীৰ ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণ কৰে বিদ্যালয়ত৷ টেট শিক্ষক পেগুক যেতিয়ালৈকে বদলিকৰণ নিৰ্দেশ স্হগিত নোহোৱালৈকে অভিভাৱক তথা স্থানীয় লোকে তলা বন্ধ ৰাখিব বুলি জানিবলৈ দিয়ে লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত শিক্ষকজনক পুনৰ একেখন বিদ্যালতে ৰাখি কণ কণ ছাত্ৰছাত্ৰীক ভবিষ্যতে গুণগত শিক্ষা প্ৰদান কৰিবলৈ  কাতৰ আহ্বান জনাইছে।