টিংখাঙত বিদ্যুৎ বিভাগৰ চৰম কাণ্ডজ্ঞানহীনতাৰ কাণ্ড । যোৱা 14 আগষ্টতেই বতাহ ধুমুহাত চিঙি পৰা এডাল বিদ্যুৎ সৰবৰাহ হৈ থকা তাঁৰ আজিও জোৰা লগাবলৈ সময় হোৱা নাই টিংখাঙৰ ৰাজগড় বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ কৰ্মচাৰীৰ। যিকোনো মূহুৰ্তত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ তীব্ৰ আশংকাত ভুগিছে স্থানীয় ৰাইজে। উল্লেখ্য যে টিংখাঙৰ ৰাজগড় বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ অধিনৰ ১ নং কেছেৰুগুৰী গাঁৱত যোৱা 14 আগষ্টতেই বতাহ ধুমুহাত চিঙি পৰিছিল এডাল বিদ্যুৎ সৰবৰাহ হৈ থকা তাঁৰ । স্থানীয় ৰাইজৰ অভিযোগ মতে উক্ত তাঁৰ ডাল জোৰা লগাবলৈ বহু বাৰ ৰাজগড় বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত অভিযোগ দিয়াৰ পাছতো আজিলৈকে তাঁৰ ডাল জোৰা লগোৱা নাই। বৰ্তমান অতি বিপদজনক ভাৱে পথৰ দাঁতিতে থকা এটা বিদ্যুৎ খোটাত সৰু লৰা এজনেও হাতে ঢুকি পোৱাকৈ বিদ্যুৎ সৰবৰাহ হৈ থকা তাঁৰ ডাল বান্ধি তাৰ পৰা আন এডাল তাঁৰে পুনৰ ওপৰত তাঁৰৰ লগত সংযোগ কৰি কেইবাটাও পৰিয়াললৈ বিদ্যুৎ সৰবৰাহ কৰা হৈছে। এতিয়া যিকোনো সময়তে ভয়ংকৰ অঘটন সংঘটিত হোৱাৰ আশংকাত ভুগিছে স্থানীয় ৰাইজে। অভিযোগ দিয়াৰ পাছতো কিয় বিভাগীয় কতৃপ্যক্ষই সময় থাকোতেই বিদ্যুতৰ তাঁৰডাল নিৰাপদ ভাৱে সংযোগ কৰা নাই। নে ঘটনা সংঘটিত হবলৈ অপেক্ষা কৰিছে ।
টিংখাঙত বিদ্যুৎ বিভাগৰ কাণ্ডজ্ঞানহীনতা । 14 আগষ্টতে চিঙা তাঁৰ আজিও লগোৱা নাই জোৰা। ভয়ংকৰ অঘটনৰ আশংকা স্থানীয় ৰাইজৰ।
![](https://i.ytimg.com/vi/1fM3qfpqk9g/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)