অসম অৰুণাচলৰ সীমা সমস্যা সন্দৰ্ভত বৈঠক অনুষ্ঠিত।
অসম অৰুণাচল সীমা সমস্যা সমাধান কৰাৰ উদ্দেশ্যৰে আজি অৰুণাচল কানুবাৰীস্থিত লংডিং জিলা অতিৰিক্ত উপায়ুক্ত ৰ সভা কক্ষত আলোচনাত মিলিত হয় অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া , সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱৰ অৰুণাচল চৰকাৰৰ দুগৰাকী মন্ত্ৰী স্থানীয় বিধায়কৰ লগতে চুবুৰীয়া দুইখনৰ জিলা উপায়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়া । জনপ্ৰতিনিধি সকলে বিবাদমান এলেকা পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লোৱাৰ লগতে অঞ্চলটোত বসবাস কৰা ৰাইজৰ মতামত গ্ৰহণ কৰে । অসমৰ মাটিত অৰুণাচলী লোকে ইতিমধ্যে তিনিখন গাওঁ স্থাপন কৰাৰ লগতে পকী পথ, বিদ্যালয় , গীৰ্জা নিৰ্মাণ কৰি এক বিশাল অসমৰ ভূমি দখল কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গৃহমন্ত্ৰী অমিত চাহৰ নিৰ্দেশ মৰ্মে অসম আৰু অৰুণাচলৰ দুই গৰাকী মূখ্যমন্ত্ৰী য়ে অসম অৰুণাচলৰ সীমা সমস্যাৰ এক স্থায়ী সমাধানৰ বাবে নিৰ্দেশ দিয়াৰ পাছতে বিবাদমান এলেকা পৰিদৰ্শন কৰে চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বড়াই । visual input WhatsApp