ঢকুৱাখনাত ৩৫বছৰে অচল জলসিঞ্চন বিভাগৰ এটা প্ৰকল্প।

কাগজে কলমে কাৰ্যকৰী হৈ থকা প্রকল্পটোত কৰ্মৰত কৰ্মচাৰী সকলেও ৩৫বছৰে কাম নকৰাকৈ পাই আহিছে দৰমহা।

ঢকুৱাখনা হাৰ্হি পঞ্চায়তৰ অৱস্থিত কোটি টকীয়া জলসিঞ্চন প্ৰকল্পটোৰ স্থাপনৰ দিন ধৰি আজিলৈকে কোনো দিনেই কাৰ্য্যকৰী হৈ নুঠিল।কোটি টকীয়া যন্ত্ৰ পাতি,পানীৰ পাইপ ,কেনেলবোৰ ব্যৱহাৰৰ অভাৱত জৰাজীৰ্ণ হৈ গল।প্ৰকৃততে খেতি পথাৰত কৃষকৰ সুবিধাথে পানীৰ যোগানৰ বাবে স্থাপন কৰা এই প্ৰকল্পটোৰ পৰা খেতিয়কে লাভ নকৰিলে এটোপালোঁ পানী ।যাৰ ফলত পানী যোগানৰ কোটি টকীয়া প্ৰকল্প থাকিও পানীৰ অভাৱত ইয়াৰ দাঁতিকাষৰীয়া পথাৰবোৰ ক্ৰমশঃমৰুভূমিলৈ পৰিন হল।বছৰি কেনেলৰ নামত  লাখ লাখ টকা উদৰস্থ কৰা হল।কিন্তু পানীৰ অভাৱত এই বাৰিষাৰ দিনটো পথাৰত মেলিছে চিৰাল ফাট।

ৰাইজে প্ৰশাসনক বহুবাৰ অভিযোগ দিছিল যদিও কোনো ফল নধৰিলে।ফলত ৰাইজ অতিষ্ঠ হৈ শালি খেতি আৰম্ভ হোৱাৰ আগতে কৃষকৰ সুবিধা হওঁক বুলি এই প্ৰকল্পটো কাৰ্য্যকৰি কৰিবলৈ এজনে প্ৰধানমন্ত্ৰী লৈ পত্ৰ লিখিছিল যদিও আজি শালি খেতিৰ দিন উকলাৰ পিছতো সেই পত্ৰৰো কোনো ফলা ফল দেখা পোৱা নগল।

এতিয়া মাথোঁ চৰকাৰে এনেবোৰ বিভাগক কি দৰে নেকি লগাব পৰৱৰ্তী সময়ত লক্ষ্যনীয় হব।