AASU PROTEST  WANT TO GOGAMUKH FIRE BRIGADE OFFICE.

উত্তৰ অসমৰ অন্যতম বাণিজ্যিক তথা ব্যস্ত নগৰী গোগামুখত অগ্নি নিৰ্বাপক বাহিনী কেন্দ্ৰ অতি শীঘ্ৰে স্থাপনৰ দাবীত আছুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও। গোগামুখত অগ্নি নিৰ্বাপক বাহিনী কেন্দ্ৰ স্থাপন কৰক, বিজেপি চৰকাৰ হায় হায়, হিমন্ত চৰকাৰ মিছলীয়া, ৰণোজ পেগু কাম নাই আদি ধ্বনিৰে আছুৱে উত্তাল প্ৰতিবাদ কৰে। উল্লেখ্য, কালি নিশা গোগামুখত এক বিধ্বংসী অগ্নিকাণ্ডত জাহ গৈছিল গোগামুখৰ পূব চেতিয়া গাঁৱৰ গদা দেবনাথৰ বাসগৃহ। ইয়াৰ আগতেও মাহত কেইবাটাও অগ্নিকাণ্ড সংঘটিত হৈছে। আছুকে ধৰি ৰাইজে বছৰ বছৰ ধৰি দাবী জনাই আহিছে গোগামুখত এটা অগ্নি নিৰ্বাপক বাহিনী কেন্দ্ৰ স্থাপন কৰা।