ৰাজ্যত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে যদিও প্ৰায় সংখ্যক আক্ৰান্ত লোক ঘৰতেই আৰোগ্য হৈ উঠিছে বুলি বিশেষ মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ 

ক'ভিডক লৈ চিন্তাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি মন্ত্ৰী মহন্তই কেন্দ্ৰীয় চৰকাৰে দিয়া পৰাৰ্মশ অনুসৰি ৰাজ্য চৰকাৰখনে ক'ভিডৰ সংক্ৰমণ ৰোধ আৰু ভেকচিন প্ৰদানৰ ক্ষেত্ৰত কাম কৰি আছে বুলি জানিবলৈ দিয়ে। 

স্বাস্থ্য মন্ত্ৰীজনে লগতে কয় যে বৰ্তমান ৰাজ্যত নতুনকৈ কোনো নীতি-নিয়ম [এছ অ’ পি] বলৱৎ কৰাৰ প্ৰয়োজন হোৱা নাই৷

পৰিস্থিতি যদি অধিক অৱনতি ঘটে তেতিয়াহে চৰকাৰে এই ক্ষেত্ৰত চিন্তা-চৰ্চা কৰিব বুলি উল্লেখ কৰে। 

কিন্তু আজিৰ তাৰিখত তেনে কোনো পৰিস্থিতিৰ সৃষ্টি হোৱা নাই বুলি উল্লেখ কৰি শেহতীয়াকৈ নতুন দিল্লীত এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ সৈতে কথা পাতিছে বুলিও জানিবলৈ দিয়ে মহন্তই৷