তিনিচুকীয়াত অৰুণাচল প্ৰদেশৰ লেকাং অঞ্চলৰ Committee for Boundary issue of Lekang নামৰ সংগঠনৰ সংবাদমেল ।

সংবাদমেলৰ জড়িয়তে  কেন্দ্ৰীয় চৰকাৰে  অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ বাবে প্ৰদান কৰা সদিচ্ছাক আদৰণি জনায় সংগঠনটোৱে ।

ইফালে দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰে  গঠন কৰা সমিতি খনে লেকাং অঞ্চলৰ ৰাইজক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ সংগঠনটোৰ ।

দুয়ো ৰাজ্যৰ প্ৰতিনিধিৰে গঠিত সমিতিত বৃহত্তৰ লেকাং অঞ্চলৰ এজনো প্ৰতিনিধিক স্থান নিদিয়াৰ উপৰিও সমিতিখনে অঞ্চল বাসীৰ মতামত গ্ৰহণ নকৰাৰ অভিযোগ Committee for Boundary issue of Lekang নামৰ সংগঠনটোৰ ।