মুখ্যমন্ত্ৰীৰ বাৰম্বাৰ সকিয়নীকো কেৰেপ নকৰে একাংশ পঞ্চায়ত কৰ্মীয়ে।
ছিপাঝাৰৰ বৰমপুৰ গাঁও পঞ্চায়তত PMAYগৃহৰ নামত ধন দাবীৰ অভিযোগ।
পঞ্চায়তটোৰ আঠকুৰিয়া, হীৰাপাৰা , ঘীলাকুৰিত হিতাধিকাৰীৰ তালিকাৰ পৰা বঞ্চিত বহুতো দৰিদ্ৰ লোক।
পঞ্চায়ত কৰ্মীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বঞ্চিত ৰাইজৰ।
ধন দিব নোৱাৰাৰ বাবেই পঞ্চায়ত কৰ্মীয়ে ভুৱা কাৰণ দেখুৱাই তালিকাৰ পৰা কৰ্তন কৰিছে বহুতো দৰিদ্ৰ লোকৰ নাম ।
তাৰ বিপৰীতে পকীঘৰ থকা ব্যক্তিৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱা কথা উল্লেখ কৰে ৰাইজে।
প্ৰকৃত হিতাধিকাৰীৰ পকীঘৰ, দুচকীয়া-তিনিচকীয়া- চাৰিচকীয়া বাহন, মাছ মৰা নাওঁ থকা বুলি মিছা কাৰণ উল্লেখ কৰি কৰ্তন কৰে তালিকাৰ পৰা নাম।
পঞ্চায়তখনৰ ৰাইজে এই ঘটনাৰ এক তদন্ত বিচাৰি মুখ্যমন্ত্ৰী আৰু স্হানীয় বিধায়কক অনুৰোধ কৰিছে।