ৰাজ্যৰ চাহ পৰ্যটনক অধিক প্ৰসাৰৰ লক্ষ্যৰে কেবিনেটত চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।ৰাজ্যৰ দুখনকৈ চাহ বাগিচাত হ'ব তাৰকাযুক্ত হোটেল।কাজিৰঙাৰ হাতীখুলী চাহ বাগিচা আৰু কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত নিৰ্মাণ কৰা হ'ব হোটেল দুখন।বাগিচাৰ মালিকৰ পৰা ভূমি লৈ ''IHCL"ক দিব চৰকাৰে। ৰাজ্য চৰকাৰৰ এই পদক্ষেপক আদৰণি হাতীখুলী চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ।আনহাতে চাহ বাগিচাৰ ভূমি উচ্ছেদ কৰি হোটেল যাতে নিৰ্মাণ কৰা নহয় তাৰ দাবী বাগিচাৰ লোকসকলৰ।উল্লেখ্যে যে কাজিৰঙালৈ প্ৰতিবছৰে দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে এনেক্ষেত্ৰত কাজিৰঙাৰ হাতীখুলীত তাৰকাযুক্ত হোটেল নিৰ্মাণে অঞ্চলটোৰ বাবে সম্ভাৱনা কঢ়িয়াই আনিব বুলি আশাবাদী অঞ্চলবাসী।
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं