অসমৰ শিক্ষা ব্যৱস্থাক সমালোচনা কৰিবলৈ গৈ নিজেই বিপদত পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অসম চৰকাৰে বিদ্যালয় একত্ৰীকৰণ কৰিবলৈ লোৱা কাৰ্যক কেজৰিৱালে বিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্ত বুলি ভুল বুজি বিদ্যালয় বন্ধ সমস্যাৰ সমাধান নহয় বুলি মন্তব্য কৰিছিল।
আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন এৰি ৭ বছৰত কেজৰিৱালে কিমানখন নতুন বিদ্যালয় স্থাপন কৰিলে বুলি আক্ৰমণ কৰে। পৰিসংখ্যা দাঙি ধৰি ড° শৰ্মাই কয় যে, ২০১৩ চনৰ পৰা এতিয়ালৈকে অসমত ৬৮০২ খন প্ৰাথমিক, ১৫৮৯ খন মাধ্যমিক, ৮১ খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ৩ খন নেতাজী সুভাষ চন্দ্ৰ বসু আবাসীক বিদ্যালয়, ৩৮ খন আদৰ্শ বিদ্যালয় আৰু ৯৭ খন চাহ বাগিচা মডেল বিদ্যালয় স্থাপন কৰিছে।