দৰঙত সঘনাই সংঘটিত হৈ আছে জাত পাতৰ সংকীৰ্ণ ঘটনা।

পতালসিংপাৰাৰ হৃদয় বিদাৰক ঘটনাৰ পিছত পুনৰ দুদিন পূৰ্বে আনন্দিপাৰাত ঘটিল আন এক ঘটনা।

যিয়ে দৰঙৰ সমাজ জীৱনক বহুতে দিলে ধিক্কাৰ।

*সামাজিক ব্যাধি দূৰ কৰাৰ বাবে দ্বিতীয়বাৰৰ বাবে সভা অনুষ্ঠিত কৰিব বাধ্য হল দৰঙৰ উপাযুক্ত*।

এইবাৰ দৰঙৰ প্ৰায় সকলো জনগোষ্ঠীক মাতি আনি আলোচনাত বহুৱালে উপায়ুক্তই।

আলোচনাত দৰঙত চলি থকা সামাজিক সংঘাত সমূহ দূৰ কৰাৰ বাবে সকলো পক্ষই মত পোষণ কৰে।

সকলো সম্প্ৰদায়ৰ বিষয়ববীয়া সকলে দৰঙৰ সম্প্ৰীতিৰ কথা সুঁৱৰি মানৱ ধৰ্ম পালন কৰি মিলাপ্ৰিতিৰে বসবাস কৰাৰ কথা প্ৰকাশ কৰে ।

ইয়াৰ ওপৰিও উচ্চ বৰ্ণৰ লোক সকলক নিম্ন বৰ্ণৰ লোক সকলে সামাজিক নিয়ম সমূহ কিছু শিথিল কৰাৰ আহ্বান জনায়।

সভাত দৰঙৰ উপযুক্ত, আৰক্ষী অধীক্ষক আৰু দুই বিধায়ক ক্ৰমে পৰমানন্দ ৰাজবংশী আৰু বসন্ত দাস উপস্থিত থাকে।

দুয়ো গৰাকী বিধায়কে সংকীৰ্ণ মনোভাব ত্যাগ কৰাৰ বাবে সকলো পক্ষক আহ্বান জনায়।