মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত নিচাজাতীয়  সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ ভাৱে অভিযান চলাইথকা পৰিলক্ষিত হৈছে।  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মৰানতো  ড্ৰাগচ্‌ , গাঞ্জাৰ বিৰুদ্ধেএই অভিজান চলাইছে।  চৰিইদেউ জিলাৰ মৰান হাটআৰক্ষীয়ে  বৃহৎ পৰিমানৰ  গাঞ্জা জব্দ কৰাৰ লগতে  মহিলাসহ এজনক আটক কৰি জেললৈ প্ৰেৰন কৰিছে।

মৰানহাট থানাৰ আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ামতে  এক বিশেষ খবৰৰ ভিত্তিত  বুধবাৰে অভিযান চলাই মৰানহাট।আৰক্ষী থানাৰ অন্তৰ্গত তৰাণি পথাৰত  অভিযান চলাই  মুজিবৰ ৰহমানক(৪৯)আটক কৰাৰ লগতে  তেওঁৰ ঘৰৰ পৰা 1,.674kG গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।  মুজিবুৰ ৰহমানক ।সোধপুছ কৰাৰ পাছতে আজি।মৰানহাট আৰক্ষীয়ে গাঞ্জা।ব্যৱসায়ৰ লগত জড়িত হিংৰি জান তেলবাৰী লাইনৰ।পৰা ৰূপজান বেগমক আটক  কৰি দুয়োজনকে জেললৈ প্ৰেৰন কৰিছে।