উজ্জল ভাৰত উজ্জল ভৱিষ্যত শ্লোগানেৰে মঙলদৈ বিদ্যুত সংমণ্ডল আৰু ছিপাঝাৰ উপ-সংমণ্ডলৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত বুধবাৰে উদযাপন হ'ল বিজুলী মহোৎসৱৰ ।

ৰাতিপুৱা ১১বজাত ছিপাঝাৰ উন্নয়ন খণ্ড চৌহদত হোৱা অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক জ৹পৰমানন্দ ৰাজবংশীয়ে। দৰং জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মা, ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া কমলজিৎ শৰ্মা, বিদ্যুত বিভাগৰ বিষয়া সকলৰ লগতে শতাধিক বিদ্যুত গ্ৰাহক উপস্থিত থাকে ।

দেশৰ শক্তি বিভাগৰ উন্নয়নমূলক যাত্ৰা আৰু ৰাইজৰ মাজত সজাগতাৰ সৃষ্টিৰে আয়োজিত 

অনুষ্ঠানত, স্বাধীনতাৰ আজাদী কা অমৃত মহোৎসৱৰ এই বিজুলি মহোৎসৱত এক ভিন্নসুৰী সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নাটক, বিহু নৃত্য, দেওধনী নৃত্যৰ লগতে গীত পৰিবেশনেৰে অনুষ্ঠানৰ শোভা বৰ্ধন কৰা হয় । বিদ্যুত বিভাগৰ কেবাগৰাকীও উচ্চ প্ৰদস্থ বিষয়া উপস্থিত থকা সভাখনত দুগৰাকী বিদ্যুত গ্ৰাহকে বিভাগটোৱে গ্ৰহন কৰি অহা ভূমিকাৰ ওপৰত মন্তব্য ডাঙি ধৰে। বিদ্যুৎৰ ওপৰত সজাগতামূলক নাটক "তোৰে মোৰে আলোকৰে যাত্ৰা" প্ৰদৰ্শন কৰা হয়। সু-অভিনেতা দিলীপ নাথৰ ৰচনা আৰু পৰিচালনাত নাটখনত অভিনয় কৰে দিলীপ নাথ, ইন্দ্ৰজিৎ নাথ, জয়প্ৰকাশ শৰ্মা, জয়ন্ত কুমাৰ নাথ, বৰষাৰাণী শইকীয়া আৰু শিশুশিল্পী বীথিকা প্ৰীয়ম শইকীয়াই।