যোৱা শনিবাৰে গোৱালপাৰা জিলাৰ মৰনৈ তিনকোণীয়া মজজিদ আৰু মাটিয়াৰ ইমামৰূপী দুই জেহাদী আব্দুছ শোভান আৰু জালালুদ্দিনক গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচত দুই ধৃত জেহাদীৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱাকালি নিশা গোৱালপাৰা তথা দুধনৈ আৰক্ষীৰ জালত পৰে আন এটা জেহাদী৷ যোৱা নিশা এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে যোগীঘোপাৰ বেলতলিৰ পৰা পৰা গ্ৰেপ্তাৰ কৰে আব্দুছ ছোবাহান ওৰফে আব্দুছ চৌহানক । ইতিমধ্যে পশ্চিম বংগত গ্ৰেপ্তাৰ হোৱা জেহাদী ৰেকিব, গোৱালপাৰাত গ্ৰেপ্তাৰ হোৱা ইমাম আব্দুছ শোভান আৰু পলাতক হৈ থকা জাকিৰ নামৰ আন এটা জেহাদীৰ সৈতে বৰপেটাৰ হাউলীত এক গোপন ঠাইত আলোচনাত মিলিত হৈছিল আৰু তাতেই আজি গ্ৰেপ্তাৰ হোৱা আব্দুছ ছোবাহান ওৰফে আব্দুছ চৌহানে অল কাইদাত যোগ দিছিল ৷ দুধনৈ থানাত জেৰা অব্যাহত ৰখা ইমাম আব্দুছ শোভানৰ' স্বীকাৰোক্তিৰ ভিত্তিতে বঙাইগাঁৱৰ যোগীঘোপাৰ বেলতলিৰ পৰা গোৱালপাৰা আৰক্ষীয়ে কৰায়ত্ত কৰে জেহাদীটোক। ধৃত আব্দুছ শোৱাহানৰ ঘৰ গোৱালপাৰাৰ গোবিন্দপুৰ চালাত ৷ ইফালে গোৱালপাৰা জিলাত জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি আৰু তিনিটা জেহাদী গ্ৰেপ্তাৰ হোৱাৰ পিছত আজি দুধনৈ থানালৈ আহে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ৷জেহাদী গ্ৰেপ্তাৰ সন্দৰ্ভত গোৱালপাৰাত বৰপেটা, বঙাইগাঁও আৰু গোৱালপাৰা তিনিখন জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতে দুধনৈ থানাত আহি উপস্থিত হয় DGP গৰাকী ৷ ধৃত ইমাম আব্দুছ চোভানক সোধাপোচা ও কৰে DGP গৰাকীয়ে ৷ DGP ভাস্কৰজ্যোতি মহন্তই জেহাদী সন্দৰ্ভত কয় যে, অল-কাইদাই নামনি অসমত গোপনে কাৰ্যকলাপ চলাই যোৱাৰ খবৰ পাইছিলোঁ, এই ক্ষেত্ৰত লাহে লাহে আমি সফল হৈছোঁ কিন্তু জেহাদীৰ কাৰ্যকলাপ চলাই যাবলৈ নিদিম ৷” এই হুংকাৰ প্ৰদান কৰে আৰক্ষী সঞ্চালক গৰাকীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ratnagiri : नगरपालिकेमध्ये भ्रष्टाचार; काय म्हणाले राज असरोंडकर
Ratnagiri : नगरपालिकेमध्ये भ्रष्टाचार; काय म्हणाले राज असरोंडकर
एटीम फोडणारी आंतरराष्ट्रीय टोळी जेलबंद
एटीएम फोडणारी आंतरराष्ट्रीय टोळी जेरबंद
गॅस कटरच्या सहाय्याने फोडले होते...
કુલ૧૫ ટીમો દ્વારા સર્ચ ઓપરેશનમાં ૧,૨૫,૬૦,૧૨૩ની માતબર રકમનો મુદ્દામાલ કબ્જે કરતી ગાંધીનગરજીલ્લા પોલીસ
કુલ૧૫ ટીમો દ્વારા સર્ચ ઓપરેશનમાં ૧,૨૫,૬૦,૧૨૩ની માતબર રકમનો મુદ્દામાલ કબ્જે કરતી ગાંધીનગરજીલ્લા પોલીસ
ગાંધીનગર સેકટર-30માં મેગા ડિમોલિશન!, સવારથી લોખંડી બંદોબસ્ત સાથે કામગીરી | Gandhinagar News
ગાંધીનગર સેકટર-30માં મેગા ડિમોલિશન!, સવારથી લોખંડી બંદોબસ્ત સાથે કામગીરી | Gandhinagar News