বৰহাট চাহ বাগিচাত বিনামূলীয়া স্বাহ্য শিবিৰ সম্পন্ন
চৰাইদেউ জিলা স্বাহ্য সমিতিৰ উদ্যোগত সাপেখাতী খণ্ড প্ৰাথমিক স্বাহ্য কেন্দ্ৰৰ সহযোগত "বৰহাট চাহ বাগিছা"ৰ চিকিৎসালয়ত আজি পুৱা ১০বজাৰ পৰা স্বাহ্য শিবিৰৰ অনুষ্ঠিত হয়। স্বাহ্য বিভাগৰ এটি বৃহৎ দ'ল উপস্থিত হৈ বিভিন্ন ৰোগ যেনে-টিভি ,দাঁতৰ সমস্যা,শিশু বিশেষজ্ঞ, চকুৰ সমস্যা,পৰিয়াল পৰিকল্পনা,মানসিক ৰোগৰ প্ৰায় অৰ্ধ শতাধিক ৰোগীক চিকিৎসা কৰাৰ লগতে ঔষধৰ যোগান ধৰে। আনহাতে অনুষ্ঠানৰ শুভ উদ্বোধন কৰে -বৰহাট চাহ বাগিছাৰ মুখ্য পৰিচালক ভানু মিত্ৰ দাসে। ইয়াৰ পাছতে পোষণ অভিযানত বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্যত ফলমূল,শাক পাছলিকে বহু খাদ্য সামগ্ৰীৰে ৰোগীসকলৰ মাজত এক সজাগ আৰু সচেতনা আনে।এই স্বাহ্য এই স্বাহ্য শিবিৰ অনুষ্ঠানত বাগিছাৰ মুখ্য পৰিচালক ভানু মিত্ৰ দাস, সাপেখাতী ব্লক প্ৰজেক্ট মেনেজাৰ মানসী মহন্ত, এছ ডি এম ৰবীন গগৈ, বাগিছাৰ লগত জড়িত ব্যক্তি সকল,অংগনবাড়ী কৰ্মী আৰু স্বাহ্য বিভাগৰ সকলো বিষয়ববীয়া সকল উপস্থিত থাকে।
 
  
  
   
  
   
   
  