নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত ৰাইটকুছি গাওঁৰ উদ্যমী যুৱক হেমন্ত ডেকাই ঘৰ ভেটি,হাঁহ,ছাগলী আৰু গাহৰি ফাৰ্ম সহ সকলোবোৰ বানে উটুৱাই নিয়াৰ পিচতো কোনো ধৰনৰ চৰকাৰী সাহাৰ্য্য নোপোৱাত হতাশ হৈ পৰিছে যুৱকজন৷উল্লেখ্য যে যোৱা ১৮ জুনত বৰভাগৰ দোকোঁহাত পাগলাদিয়া নৈৰ মঠাউৰি চিঙি যুৱকজনক সৰ্বশ্ৰান্ত কৰিছিল৷

ইয়াৰ পিচতো যুৱকজনে কোনো চৰকাৰী সাহাৰ্য্য নোপোটো দুৰ্ভাগ্যজনক বুলি সচেতন মহলে মত পোষন কৰাৰ লগতে ইয়াৰ এটা তদন্ত বিছাৰিছে ৰাইজে৷