বৰদৈবাম পঞ্চায়তৰ  চিনাই গোঁহাই গাঁওত ঘিলামৰা পশু পালন ও চিকিৎসা বিভাগে অঞ্চলটোৰ কৃষিজীৱী ৰাইজৰ পশু কুলৰ খাদ্যৰ বাবে  যোগান ধৰিছিল  পশু খাদ্য ভুচি । ঘিলামৰা পশু পালন বিভাগৰ একাংশ বেপৰোৱা কৰ্মচাৰীয়ে যোৱা মঙ্গলবাৰে পুৱা বেলা  গৈ গাঁওখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিৰ সমীপত উক্ত পশু খাদ্য সামগ্ৰী বিতৰণৰ বাবে  অকৰ্তৃত্বশীল ব্যক্তিৰ হাতত দি থৈ উভতি আহিছিল। ইয়াৰ পাছতেই কিন্তু গঞা কৃষিজীৱী পৰিয়াল সমূহৰ মাজত এই চৰকাৰী পশু খাদ্য সমূহ বিতৰণৰ নামত কমিছন সংগ্ৰহৰ এক নিকৃষ্ট বেহা মেলা দুই অৰ্থলোভীৰ বিৰুদ্ধে পঞ্জীভূত হৈছে গোচৰ। সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লম্বিত হাজৰিকাই ঘিলামৰা থানাত ৰুজু কৰা এক এজাহাৰৰ ভিত্তিত পঞ্জীভূত হৈছে এই গোচৰ। দৰিদ্ৰ চহা পশু পালকৰ প্ৰাপ্য "ভুচি"ৰ বিপৰীতে পাঁচ আৰু দহ টকাকৈ মুকলি ভাবে দাবী কৰি অন্যথাই "ভুচি " লব নালাগে বুলি ককৰ্থনা কৰা অৰ্থলোভী দালালৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬/৪২০/৩৮৪/৩৪ ধাৰাত পঞ্জীভূত গোচৰ (নং -৫৩/২০২২) ৰ দুই আচামী চিনাই গোঁহাই গাঁওৰ ক্ৰমে দীপক গগৈ আৰু ডিম্বেশ্বৰ গগৈক বুধবাৰে ঘিলামৰা আৰক্ষীয়ে বুধবাৰে সোধা পোছাৰ বাবে আটক কৰি দিনটো থানাত ৰাখে । পৰৱৰ্তী সময়ত ব্যক্তিগত জামিনত ঘৰলৈ যাবলৈ দি পুনৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়ে । ইপিনে এই নিকৃষ্ট দুষ্কাৰ্য সন্দৰ্ভত খবৰ পাই কমিচন সংগ্ৰহৰ সম্পূৰ্ণ ছবিখন গোপন কেমেৰাত আবদ্ধ হোৱাৰ পাছত পৰৱৰ্তী সময়ত বাতৰি পৰিবেশন কৰা পাছত অৱশেষত লোক দুজনে সাংবাদিকৰ উপস্থিতিৰ সম্ভেদ পাই বিতৰণ পৰ্ব আধাতে এৰি নিশালৈ সংগৃহীত ধন ঘূৰাই দিয়াত ব্ৰতী হয়। পশু পালন বিভাগৰো কৃপা দৃষ্টি থকা এই নীচ কাৰ্যৰ সঠিক আৰু নিৰপেক্ষ তদন্ত হ’লে বহুকেইজন কৰ্তব্যত গাফিলতি কৰা চৰকাৰী বেতনভোগীৰ ৰঙা ঘৰ গমনৰ পথ প্রশস্ত যে হ’ব সেয়া নিশ্চিত । ইপিনে এই নিৰ্লজ ধন সংগ্ৰহ কাৰ্যক গাপ দি প্ৰকৃত অভিযুক্তক বচাবলৈ আৰু নিৰীহক ফচাবলৈ অন্য এক নিকৃষ্ট ফন্দী পাতিছে এক অশুভ শক্তিশালী চক্ৰই । এই সন্দৰ্ভত পৰৱৰ্তী বাতৰিত উন্মোচিত হ’ব এই দুৰ্নীতি গ্ৰস্ত চক্ৰটোৰ অন্য এক জঘন্য কাৰচাজি ৷ এই ক্ষেত্ৰত স্থানীয় ৰাইজে জিলা প্ৰশাসনৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে ।