মাজুলীত 'ছাইবাৰ নিৰাপত্তা' ৰ সজাগতা সভা : 

মাজুলীৰ পিতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয় আজি ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰযুক্তিবিদ্যা  মন্ত্ৰণালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় তথ্য আৰু প্ৰযুক্তি প্ৰতিস্থানে আজি ' ছাইবাৰ নিৰাপত্তা' সন্দৰ্ভত দুখনকৈ সজাগতা সভা অনুষ্ঠিত হয় ৷ ৰাষ্ট্ৰীয় বৈদ্যুতিন তথ্য প্ৰযুক্তি প্ৰতিস্থানৰ মাজুলীৰ বিষয়া জোনালী বৰ্মনে উদ্দেশ্য বাখ্য কৰা সভাত সমল ব্যক্তি হিচাপে প্ৰতিষ্ঠানটোৰ প্ৰবক্তা ভাৰ্গৱ ফুকনে মহাবিদ্যালয়ৰ তিনি শতাধিক ছাত্ৰছাত্ৰীক বৰ্তমান সময়ৰ প্ৰধান সমস্যা স্বৰূপ 'ছাইবাৰ অপৰাধৰ' ভিন্ন ভিন্ন দিশ সমুহৰ বিষয়ে প্ৰজেক্টৰৰ সহায়ত বুজাই দি ' ছাইবাৰ নিৰাপত্তাৰ ' দিশ সমুহৰ পৰ্যালোচনা কৰে ৷