ৱাশ্বিংটন/কিভ, ২৪ আগষ্ট। যোৱা ছয় মাহ ধৰি ৰাছিয়াৰ আক্ৰমণৰ সন্মুখীন হৈ অহা ইউক্ৰেইনত বুধবাৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। ইউক্ৰেইনে স্বাধীনতা দিৱসত আমেৰিকাৰ পৰা ৩ বিলিয়ন ডলাৰ সাহায্য উপহাৰ হিচাপে লাভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেনে সামৰিক সাহায্যৰ কথা ঘোষণা কৰিছে। এই পেকেজটো যুদ্ধকালীন সময়ৰ অন্তিম ছয় মাহত ইউক্ৰেইনৰ বাবে সৰ্ববৃহৎ সাহায্য পেকেজ। আমেৰিকাই ইউক্ৰেইনলৈ ১ বিলিয়ন ডলাৰ সামৰিক সাহায্য ঘোষণা কৰাৰ কিছুদিন পিছত পুনৰবাৰ এই সাহায্য আগবঢ়াইছে। 

এতিয়া নতুন সামৰিক সাহায্যৰ পৰিমাণৰ সৈতে ইউক্ৰেইনে আমেৰিকাৰ ষ্টকৰ পৰা অস্ত্ৰ লোৱাৰ পৰিৱৰ্তে পোনপটীয়াকৈ অস্ত্ৰ ব্যৱসায়ীসকলৰ পৰা তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি অস্ত্ৰ ক্ৰয় কৰিবলৈ সক্ষম হ'ব। লক্ষণীয় যে আমেৰিকাৰ পৰা ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীলৈ সৰ্বাধিক ৰকেট, গোলাবাৰুদ আৰু অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ পথও মুকলি কৰা হৈছে।