ছিপাঝাৰৰ বিশিষ্ট সাহিত্যিক এনি ডেকালৈ 'অসম কলা-কৃষ্টি বঁটা'ছিপাঝাৰৰ ভূক্তাবাৰীৰ ৭ নং ৱাৰ্ডৰ নিবাসী সুলেখিকা , সাংস্কৃতিক কৰ্মী আৰু সু সংগঠক এনী ডেকালৈ 'অসম কলা-কৃষ্টি বঁটা। ২০১৬ চনৰ পৰা বৰ্তমানলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ দৰং জিলা সমিতিৰ সম্পাদিকা পদৰ দায়িত্বত আছে বঁটা প্ৰাপক গৰাকী।

বিভিন্নবিষয়ক প্ৰবন্ধ গল্প, কবিতা আৰু 'প্ৰবন্ধ প্ৰবাহ' শীৰ্ষক গ্ৰন্থ আদি প্ৰকাশিত হৈছে। ইমানেই নহয়, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰো দৰঙীয়া 'চিয়াগীত'ৰ স্বীকৃতিপ্ৰাপ্ত কণ্ঠ শিল্পী এনি ডেকা। যাৰ পৰিপ্ৰেক্ষিতত এনি ডেকালৈ অসম কলা-কৃষ্টি পৰিষদ নামৰ অনুষ্ঠাটোয়ে 'অসম কলা-কৃষ্টি বঁটা ২০২২ প্ৰদান কৰিছে।

গুৱাহাটীস্থিত শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰদান কৰা হয় এই বঁটা। এনি ডেকালৈ লৈ 'অসম কলা কৃষ্টি বঁটা' প্ৰদান কৰাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ লগতে স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰিছে।