ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ সকলো সামাজিক সাহাৰ্য আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হৈ থকা হিতাধিকাৰীৰসকলৰ আধাৰ অন্তৰ্ভূক্তিকৰণৰ বাবে ২৪ আগষ্ট,২০২২ তাৰিখৰ পৰা ৩০ আগষ্ট, ২০২২ তাৰিখলৈ “আধাৰ অন্তৰ্ভূক্তিকৰণ সপ্তাহ” পালনৰ শুভাৰম্ভ কৰা হয়। মৰিগাঁও জিলা পৰিষদে আয়োজন কৰা আৰু মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগুৱে আঁত ধৰা জিলা পৰ্যায়ৰ সভাখনত মৰিগাঁও জিলা পৰিষদাধীন সকলো উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে জিলাখনৰ ৮৫ খন গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবসকল উপস্থিত থাকে।
উক্ত সভাত গাঁও পঞ্চায়ত অনুযায়ী আধাৰ অন্তৰ্ভূক্তিকৰণৰ স্থিতি, আধাৰ অন্তৰ্ভূক্তিকৰণৰ লক্ষ্য আৰু প্ৰাপ্তি, ৰাষ্ট্ৰীয় সামাজিক সাহাৰ্য আঁচনিৰ অধীনত থকা ৯০ বছৰ আৰু উৰ্ধৰ হিতাধিকাৰীসকলৰ প্ৰমাণীকৰণ, সকলো সামাজিক সাহাৰ্য আঁচনিৰ অধীনত মৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণ, অযোগ্য হিতাধিকাৰীৰ প্ৰমাণীকৰণ আৰু আধাৰ অন্তৰ্ভূক্তিকৰণৰ সময়সীমাৰ ওপৰত আলোচনা কৰা হয়। সভাত “আধাৰ অন্তৰ্ভূক্তিকৰণ সপ্তাহ (Aadhaar Seeding Week)" পালনৰ সন্দৰ্ভত বিতং আলোচনাৰ শেষত ২৪ আগষ্ট,২০২২ তাৰিখৰ পৰা ৩০ আগষ্ট, ২০২২ তাৰিখলৈ কাৰ্যকৰী কৰিবলগীয়া কৰ্মৰ এখন কৰ্মপৰিকল্পনা প্ৰস্তুত কৰা হয়। কৰ্মসূচী অনুসৰি আজি ইং ২৪ আগষ্ট,২০২২ তাৰিখে প্ৰতিটো উন্নয়ন খণ্ডত খণ্ড উন্নয়ন বিষয়াৰ নেতৃত্বত খণ্ড উন্নয়ন পৰ্যায়ৰ এটা নিৰীক্ষণ দল গঠন কৰাৰ ওপৰিও ঘৰে ঘৰে গৈ আধাৰৰ তথ্য সংগ্ৰহৰ বাবে গাঁও পঞ্চায়ত সচিবৰ নেতৃত্বত ২৫ আগষ্ট, ২০২২ তাৰিখৰ ভিতৰত প্ৰতিটো গাঁও পঞ্চায়তত "গাঁও পঞ্চায়ত পৰ্যায়ৰ দল" গঠন কৰিবলৈ গাঁও পঞ্চায়ত সচিবসকলক দায়িত্ব প্ৰদান কৰা হয়।
তাৰোপৰি, ২৫ আগষ্ট, ২০২২ তাৰিখে প্ৰতি গাঁও পঞ্চায়তত “সজাগতা অভিযান” অনুষ্ঠিত কৰি আধাৰ অন্তৰ্ভূক্তিকৰণ ( Aadhaar Seeding)ৰ ওপৰত ব্যাপকভাৱে প্ৰচাৰ চলাবলৈও সিদ্ধান্ত গ্ৰহণ কৰা হয়।