"বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত লুকাই থকা মুখেমুখে চলি অহা মৌখিক সাহিত্য সংস্কৃতিৰ ভঁৰাল সমূহৰ ওপৰত যদি নিৰবিচ্ছিন্ন ভাবে গোৱালপাৰা জিলা সাহিত্য সভাই কাম কৰি যায় তেতিয়া নতুন প্ৰজন্মই অসমীয়া সাহিত্যৰ বৰঘৰলৈ ঢাপলি মেলিব৷ নতুন যুৱ প্ৰজন্মক যদি সাহিত্য সংস্কৃতিৰ সকলো দিশত জড়িত কৰা কামত সাহিত্য সভা ব্ৰতী হয় তেতিয়া অসমীয়া সাহিত্যৰ বৰঘৰ ঠন ধৰি উঠিব৷ সাহিত্য সভাই এনে এক পৰিবেশৰ সৃষ্টি কৰিব লাগিব”- এই মন্তব্য ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ৷

যোৱা ২৩ আগষ্ট তাৰিখে দুধনৈ জনমন্দিৰ সাংস্কৃতিক ভৱন প্ৰেক্ষাগৃহত দুধনৈ শাখা সাহিত্য সভাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদ্‌যাপন হোৱা গোৱালপাৰা জিলা সাহিত্য সভাৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসত এনেদৰে মন্তব্য কৰে পৰিষদৰ চিফ টংকেশ্বৰ ৰাভাই৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মৰ্মে ৰাতিপুৱা ৮-৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি প্ৰকাশ চন্দ্ৰ ৰাভাই৷ পতাকা উত্তোলনৰ পিচতেই ৯ বজাত জ্ঞাত অজ্ঞাত প্ৰয়াত ব্যক্তি সকলৰ স্মৃতিত বন্তি প্ৰজ্বলনেৰে স্মৃতি তৰ্পণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে দুধনৈ মহাবিদ্যালয়ৰ অৱসৰী প্ৰৱক্তা তৰুণ চন্দ্ৰ চাংমাইয়ে৷ ১০ বজাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ছজিমুদ্দিন আহমেদৰ সঞ্চালনাত আৰম্ভ হয় সাহিত্য চ’ৰা৷ সাহিত্য চ’ৰা উদ্বোধন কৰে দুধনৈ ছোৱালী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী সুলেখিকা জয়ন্তী দাসে৷

সাহিত্য চ’ৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা আৰু ৰাষ্ট্ৰপতি বঁটা প্ৰাপ্ত দুধনৈ ল’ৰা হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক, শিক্ষাবিদ, বিশিষ্ট সমাজসেৱক প্ৰতুল চক্ৰৱৰ্তীয়ে অসম সাহিত্য সভাৰ বহুমুখী যাত্ৰাৰ সম্পৰ্কত ভাষণ প্ৰদান কৰাৰ উপৰিও জিলাখনৰ কেবাগৰাকী বিশিষ্ট কবি সাহিত্যকে গল্প কবিতা আদি পাঠ কৰে৷ আনহাতে দিনৰ ১২ বজাত গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি প্ৰকাশ চন্দ্ৰ ৰাভাৰ সভাপতিত্বত আৰম্ভ হয় মুকলি সভা৷ গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভকত চোৰানে উদ্বোধনী ভাষণ আৰু মুকলি সভাৰ আদৰণি ভাষণ পাঠ কৰে দুধনৈ শাখা সাহিত্য সভাৰ সভাপতি কুমুদ শৰ্মাই৷ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাৰ লগত সংগতি ৰাখি চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়৷

অৱসৰী শিক্ষয়ত্ৰী জয়ন্তী দাসৰ “কবিতা-কোঁহ”, “চিন্তন চিত্ৰণ আৰু অন্যান্য” পুঠি দুখন উন্মোচন কৰে ৰাভা হাছং পৰিষদৰ চিফ টংকেশ্বৰ ৰাভাই আনহাতে দু্ধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°ললিত চন্দ্ৰ ৰাভাই মৰনৈ চৰ্দাৰ বল্লবভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আশুবোধ কলিতাৰ নিবন্ধ পুথি “সাহিত্য সংস্কৃতিৰ সুবাস” আৰু অৱসৰপ্ৰাপ্ত কৃষি পৰিদৰ্শক অনন্ত ৰাভাৰ কাব্যপুথি “অহা বাটেৰে উভতি চাওঁ” গ্ৰন্থ দুখন উন্মোচন কৰে৷ মুকলি সভাত স্থানীয় শিল্পী সকলে “চিৰচেনেহী মোৰ ভাষা জননী“ গীতটি পৰিবেশন কৰাৰ উপৰিও উদীয়মান যুৱ কণ্ঠশিল্পী মৌলিক ৰাভাই গীত পৰিবেশন কৰে৷ সভাত সন্মানীয় অতিথি হিচাবে উপস্থিত থাকে গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় ড° ইব্বাত আলী, দিলোৱাৰা হুছেইন আৰু ৰাজ্যিক অসম প্ৰদেশ বিজেপিৰ সম্পাদিকা টিনামণি দৈমাৰী৷

গোৱালপাৰা জিলা সাহিত্য সভাৰ সম্পাদক জিতুমনি দাসে আঁত ধৰা মুকলি সভাত জিলাখনৰ কেবাখনো শাখা সাহিত্য সভাৰ প্ৰতিনিধি, দুধনৈ শাখা সাহিত্য সভাৰ সম্পাদক হৰিহৰ কলিতা আৰু বহু সংখ্যক সাহিত্যনুৰাগী ব্যক্তি উপস্থিত থাকে৷