ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰযুক্তিবিদ্যা মণ্ট্ৰণালায়ৰ অধীনস্থ " ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানে আজি মাজুলীত " ছাইবাৰ নিৰাপত্তা" সন্দৰ্ভত দুখন সজাগতা সভা অনুষ্ঠিত কৰে । ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান চমুকৈ "N I E L IT"ৰ মাজুলী অধ্যয়ন কেন্দ্ৰৰ সৌজন্যত , N IE LITগুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত উক্ত সজাগতা অনুষ্ঠানৰ প্ৰথমখন সজাগতা সভা পীতাম্বৰদেৱ গোস্বামী মহাবিদ্যালয়ত অনুষ্ঠিত হয় । আজি দুপৰীয়া বাৰ বজাৰ পৰা আৰম্ভ হোৱা উক্ত সজাগতা অনুষ্ঠানটো উদ্বোধন কৰে পীতাম্বৰদেৱ গোস্বামী মহাবিদ্যালয়ৰ অধ্যক্ষ অৰূপজ্যোতি শইকীয়াই । ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ মাজুলীৰ অধ্যয়ন কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া জোনালী বৰ্মণে উদ্দেশ্য ব্যাখ্যা কৰা উক্ত ছাইবাৰ সজাগতা অনুষ্ঠানত পীতাম্বৰদেৱ গোস্বামী মহাবিদ্যালয়ৰ তিনি শতাধিক ছাত্র- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে "ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান"ৰ প্ৰৱক্তা ভাৰ্গৱ ফুকনে । ফুকনে ছাইবাৰ অপৰাধ সন্দৰ্ভত ছাত্র- ছাত্ৰী সকলক প্ৰজেক্টৰৰ সহায়ত তন্ন তন্নকৈ বুজায় কয় আৰু ছাইবাৰ নিৰাপত্তা কিদৰে লাভ কৰিব পাৰে সেই সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায় । উক্ত, সজাগতা অনুষ্ঠানত ছাত্ৰ- ছাত্ৰী সকলৰ লগত মত বিনিময় কৰি জোনালী বৰ্মণ আৰু ভাৰ্গৱ ফুকনে ছাইবাৰ নিৰাপত্তা কিদৰে পাব পাৰি, ইমেইল, ফেইচবুক, ৱাটছআপ আদিৰ শক্তিশালী, নিৰপদজনট পাছৱৰ্ড কি দৰে সংলগ্ন কৰিব পাৰে, নিৰাপদ ৱাই- ফাই, নিৰাপদ ইন্টাৰনেট কিদৰে ব্যৱহাৰ কৰি ছাইবাৰ অপৰাধ ৰোধ কৰিব পাৰে ,সেই সন্দৰ্ভতো প্ৰজেক্টৰৰ সহায়ত ব্যাখ্যা আগবঢ়ায় । অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ " কাউনচেলৰ " তৃষ্ণা দাসেও পূৰ্ণ সহযোগিতা আগবঢ়ায় । ছাইবাৰ নিৰাপত্তাৰ উক্ত সজাগতা অনুষ্ঠানৰ পাছত NIELITৰ মাজুলী অধ্যয়ন কেন্দ্ৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ছাত্র- ছাত্ৰীৰ বাবে এবছৰীয়া বিনামূলীয়া কম্পিউটাৰ পাঠ্যক্ৰম আৰু অন্য সাধাৰণ শ্ৰেণীৰ সকলো ছাত্ৰ- ছাত্ৰীৰ বাবে ছয়মহীয়া কম্পিউটাৰ পাঠ্যক্ৰম বিনামূলীয়াকৈ দিয়া হৈ আছে বুলি মাজুলী অধ্যয়ন কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া জোনালী বৰ্মণে অনুষ্ঠানত ঘোষণা কৰে আৰু সকলো ছাত্র- ছাত্ৰীক উক্ত সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । 

      ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ উদ্যোগত ছাইবাৰ নিৰাপত্তা সন্দৰ্ভত দ্বিতীয়টো অনুৰূপ সজাগতা অনুষ্ঠান আজি বিয়লি নামনি মাজুলীৰ কৰতিপাৰ হাইস্কুলত অনুষ্ঠিত হয় ।