চৰাইদেউত আবকাৰীৰ ধাৰাবাহিক অভিযান

অবৈধ সুৰা, ভাতী ধ্বংস

 চৰাইদেউ জিলাৰ আবকাৰী বিভাগে জিলাখনত অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে।

আজি পুৱাৰ ভাগত জিলাখনৰ সোণাৰি আবকাৰী চক্ৰৰ পৰিদৰ্শকৰ নেতৃত্বত আবকাৰী অভিযানকাৰী দলে মৰাণহাট আৰক্ষীৰ সহযোগত জিলাখনৰ খুমটাই চাহ বাগিচা, অকলেণ্ড লাইন, চেঁচাপুখুৰী নেপালীবস্তি, জলং টুটবাগান, নাহৰকটীয়া বাচ ষ্টেণ্ড আদি অঞ্চলত এই অভিযান চলায়।

অভিযানকালত দলটোৱে কেইবাটাও স্থানত অসাধু চুলাই মদৰ ব্যৱসায়ীয়ে পাতি লোৱা চুলাইৰ ভাতী উচ্ছেদ কৰাৰ লগতে প্ৰায় ৩৪০ লিটাৰ চুলাই মদ তৈয়াৰৰ বাবে ৰখা পাছ, ৫টা সুৰা তৈয়াৰত ব্যৱহৃত যন্ত্ৰ জব্দ কৰাৰ লগতে প্ৰায় ৮০ লিটাৰ বিক্ৰীৰ বাবে ৰখা চুলাই মদ আৰু ১২ বটল অসমত বিক্ৰীৰ বাবে অনুমতি থকা বীয়েৰ জব্দ কৰে।

অভিযানকাৰী দল যোৱাৰ উমান পাই অবৈধ সুৰাৰ ব্যৱসায়ীসকল পলাই সাৰে। এই সন্দৰ্ভত অবৈধ সুৰাৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে মুঠ ৪ টা গোচৰ ৰুজু কৰা হয়। 

আনফালে যোৱা ২৬ জুলাই তাৰিখেও সাপেখাতি আবকাৰীৰ অভিযানকাৰী দলে অঞ্চলটোৰ ঔগুৰি শ্যাম, আইদেউবাৰী বাগিচা গাঁও, টিয়কহাবি আদি স্থানত অভিযান চলাই প্ৰায় ১৮০ লিটাৰ চুলাই তৈয়াৰৰ বাবে ৰখা গেলোৱা পাছ, ৫ লিটাৰ চুলাই মদ আৰু সুৰা তৈয়াৰত ব্যৱহাৰ কৰা যন্ত্ৰ জব্দ কৰাৰ লগতে এই সন্দৰ্ভত ৪টা গোচৰ ৰুজু কৰে।