সোণাৰিত হাতত হস্তনিৰ্মিত বন্দুক লৈ অৰুণাচলীৰ তহল। 

চৰাইদেউ জিলাৰ সোণাৰিৰ মাজমজিয়াত এজন অৰুণাচলীৰ হাতত হস্তনিৰ্মিত বন্দুক লৈ ঘুৰি ফুৰা দেখা পায় সাধাৰণ ৰাইজে শংকিত হৈ সোণাৰিৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ততাতৈয়াকৈ বন্দুক সহ আটক কৰে এজনক। দিনদুপৰতে সোণাৰিত হস্তনিৰ্মিত বন্দুক সহ এজনক আটক। উল্লেখযোগ্য যে আটকাধীন লোকজন অৰুণাচল প্ৰদেশৰ লংডিং আৰক্ষী থানাৰ অন্তৰ্গত ৱাকাৰ পানমাই ৱাংচা বুলি জানিব পৰা গৈছে। লোকজনক সোণাৰি বাছ ষ্টপেজৰপৰা আটক কৰি সোণাৰি আৰক্ষীয়ে সুধাপোছা অব্যাহত ৰাখিছে।