নতুন দিল্লী, ২৪ আগষ্ট। দ্বিতীয়বাৰৰ বাবে কৰোনাত আক্ৰান্ত হৈছে চলচ্চিত্ৰ অভিনেতা অমিতাভ বচ্চন। খোদ টুইটযুগে এই তথ্য প্ৰকাশ কৰে অভিনেতাজনে।

অমিতাভ বচ্চনে মঙলবাৰে নিশা টুইট কৰি কয় "এইমাত্ৰ মোৰ কোভিড পৰীক্ষাৰ প্ৰতিবেদন পজিটিভ আহিছে। যিসকলে শেহতীয়াকৈ মোৰ সংস্পৰ্শত আহিছিল অনুগ্ৰহ কৰি তেওঁলোকে পৰীক্ষা কৰাই যেন'।

উল্লেখনীয় যে ইয়াৰ পূৰ্বে অমিতাভ বচ্চন ২০২০ চনৰ জুলাই মাহতো কৰোনাত আক্ৰান্ত হৈছিল। তেওঁৰ লগতে বচ্চন পৰিয়ালৰ আন বহু সদস্যও কৰোনাত আক্ৰান্ত হৈছিল।