এক দেশ এক ভাষা হ'লে অসমবাসীয়ে অসুবিধাৰ সন্মুখীন হ'ব বুলি মন্তব্য অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত পুৰ্ণ সমৰ্থন জনায় শীঘ্ৰেই এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায় কংগ্ৰেছ নেতা জনে।