সাপেখাতী ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-অৰুণাচল, অসম-নগালেণ্ডৰ সীমাত ঐতিহাসিক লাহদৈগড় আলি নিঃশেষ পথত

   আহোম ৰাজত্ব সময়ত স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্মাণ কৰা ঐতিহাসিক লাহদৈগড় আলিটোৰ অসম চৰকাৰৰ গড়কাপ্টনী বিভাগৰ চূড়ান্ত গাফিলতিত চৰাইদেউ জিলাৰ অংশত সম্প্ৰতি অস্তিত্বৰ সংকটত ৷ চৰাইদেউ জিলাখনৰ দক্ষিণ প্ৰান্তত অৱস্থিত অসম - নাগালেণ্ড আৰু অসম-অৰুনাচল সীমা নিদ্ধাৰণ কৰা অংশত বৰ্তমান হাবি জংঘলৰে ভৰি নামমাত্ৰ চিন স্বৰূপহে বিৰাজমান ৷ ১৯৬৭ চনত জনতা চৰকাৰৰ দিনত তদানীন্তন গড়কাপ্তানী মন্ত্ৰী দুলাল বৰুৱাই এই লাহদৈগড় আলিটোৰ নিৰ্মাণ কৰি যাতায়তৰ ব্যৱস্থা সুচল কৰিছিল যদিও পৰৱৰ্তীকালত স্থায়িত্ব নাপালে ৷ স্বৰ্গদেউ প্ৰতাপ সিংহই মাজুলীৰ পৰা মাৰ্ঘেৰিটালৈকে নিৰ্মাণ কৰা ঐতিহাসিক লাহদৈগড় আলিটোৰ বিভিন্ন অংশত অসম চৰকাৰে নিৰ্মাণ আৰু মেৰামতি কৰি আহিছে ৷ কিন্ত চৰাইদেউ জিলাখনৰ দিল্লীঘাটৰ পৰা হোলোঙামৰালৈকে নিৰ্মাণ কৰিছে যদিও ইয়াৰ পাছৰ অংশ ক্ৰমে হোলোঙামৰা ,বগাবাঘ, কানুবাৰী ,টিঙালিবাম,য়

নামতোলা আদি অংশত অচিৰেই নিৰ্মাণ নকৰিলে ঐতিহাসিক লাহদৈগড় আলিটো নিঃশেষ হ'ব।