অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱে শ্ৰী বিজয় পণ্ডিত দাস আৰু শ্ৰী মহা সুন্দৰ দাসৰ উপস্থিতিত জিলা উপায়ুক্তক মাজুলীত নিৰ্মাণ হ'বলগীয়া অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ মধ্যাহ্ন ভোজনৰ ৰন্ধন গৃহৰ বাবদ প্ৰথম কিষ্টিৰ ৭.০০ কোটি টকা চেক্ যোগে প্ৰদান কৰে।

প্ৰস্তাৱিত অত্যাধুনিক ৰন্ধনগৃহটো জিলাখনৰ শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ পৰিপুষ্টিৰ ক্ষেত্ৰত এক অনবদ্য সংযোজন হিচাপে পৰিগণিত হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই মহান পদক্ষেপৰ বাবে জিলা প্ৰশাসনৰ হৈ উপায়ুক্তই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে।