অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা মানহানি গোচৰৰ সন্দৰ্ভত গুৱাহাটীৰ এখন নিম্ন আদালতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক আদালতত হাজিৰ হবলৈ নিৰ্দেশ প্ৰদান কৰিছ।
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী চিছোদিয়াক ২৯ ছেপ্টেম্বৰত হাজিৰ হবলৈ কয় আদালতে।
ক’ভিডৰ সময়ত মুখ্যমন্ত্ৰী হিমন্তই তেওঁৰ পৰিয়ালৰ কোম্পানীক পিপিই কীটৰ ঠিকা দিয়া বুলি অভিযোগ তোলাৰ পিছতেই মুখ্যমন্ত্ৰী শৰ্মাই চিছোদিয়াৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ ৰুজু কৰিছিল।