হয়তো আপুনিও দক্ষিণ ভাৰতীয় ছবিৰ প্ৰেমিক। ইতিমধ্যে দক্ষিণৰ ছবিয়ে বলীউডতো কঁপনি তুলিছে। তথাপি বলীউড যি বলীউডেই। বলীউডৰ পৃথিৱীত খোজ পেলোৱাৰ হেপাহ সকলো ভাৰতীয় অভিনেতা- অভিনেত্ৰীৰে থাকে। 

আগন্তুক এটা বছৰৰ ভিতৰত টলীউড সুন্দৰী সামান্তা, ৰশ্মিকা মান্দান্না আৰু নয়নতৰাক আপুনি দেখিব বলীউডৰ পৰ্দাত। ছবিৰ নাম ঠিক হোৱা নাই যদিও আয়ুষ্মান খুৰানাৰ বিপৰীতে দেখা যাব সামান্তাক। নয়নতৰাক দেখা যাব ২০২৩ চনৰ ২ জুনত মুক্তি পাবলগা 'জৱান' ছবিত। বিপৰীতে থাকিব শ্বাহৰুখ খান। আনহাতে পুষ্পাখ্যাত মোহময়ী ৰশ্মিকাক দেখা যাব 'মিছন মজনু'ত সিদ্ধাৰ্থ মলহোত্ৰাৰ বিপৰীতে। এই বছৰৰ শেষৰ ফালে ছবিখন চিত্ৰগৃহলৈ আহিব।