গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদেশী চিগাৰেট।
জি আৰ পি আৰু আৰ পি এফৰ অভিযানত জব্দ হৈছে ৭০০ গ্ৰাম মৰ্ফিন (Morphine) আৰু বৃহৎ পৰিমাণৰ চিগাৰেটৰ পেকেট।
এই নিচাজাতীয় সামগ্ৰীখিনি উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ হৈছে। জব্দকৃত সামগ্ৰীখিনিৰ মূল্য ৬০ লাখ টকা হ’ব বুলি জনায়।
আৰক্ষী বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত বহুকেইখন ৰে’লত চলিছিল অভিযান।
অতি কৌশলেৰে দুটা বেগৰ ভিতৰত সৰবৰাহ কৰি আনিছিল নিচাজাতীয় দ্ৰব্যখিনি। আনহাতে দুটা ট্ৰলী বেগৰ ভিতৰত আনিছিল বিদেশী চিগাৰেটখিনি।
ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুটা মৰ্ফিন সৰবৰাহকাৰী আৰু এজন চিগাৰেট সৰবৰাহকাৰীক।
 
  
  
  
   
   
  