ঢকুৱাখনা ভাটি জালভাৰী গাঁওৰ দুটা কণমানি জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা।
ঢকুৱাখনা উন্নয়ন খণ্ড অন্তৰ্গত পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ ভাটি জালভাৰী গাঁৱৰ অতি দাৰিদ্ৰ সীমা ৰেখা তলৰ এটা দুৰ্ভগীয়া পৰিয়ালে আজিও নাপালে এটা চৰকাৰী গৃহ।
এই কণমানি দুটাৰ দেউতাকৰ নাম ''মহিমা কোঁৱৰ''।মহিমা কুঁৱৰে দিন হাজিৰা কৰি এই কণমানি দুটাক পুহ পাল দি আহিছে।আজি দুটা বছৰ আগতে কণমানি দুটা মাতৃৰ অচিন বেমাৰত মৃত্যু হয়।মাতৃ চিকিৎসা বাবে দেউতাকে ঘৰৰ মাটি বাৰী ,সা সম্পত্তি সকলো বিক্ৰী কৰি দিশ হাৰা হয়।দেউতাকে হাজিৰা কৰি কোনোমতে কণমানি দুটাক পুহ পাল কৰি আহিছে।দেউতাকে হাজিৰা কৰিবলৈ গলে কণমানি দুটাই নিজেই ৰান্ধি খাই স্কুললৈ যায়।কণমানি দুটাৰ বাসকৰা ঘৰটো অতি জৰাজীৰ্ণ।ফুটা চালি, ভঙা বেৰ,খাবলৈ শুবলৈ নাই এডোখৰ ঠাই এনে দৰে দুখ কষ্ট ত্যাগ কৰি জীৱন নিৰ্বাহ কৰি আহিছে।
ঢকুৱাখনা বিধায়ক নৱ দলে আৰু পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ সভাপতিক বহু বাৰ আবেদন নিবেদন জনাই আহিছে যদিও আজি লৈকে কোনো ধৰণৰ গুৰুত্ব নিদিলে।