গোচৰ উঠাই ল'বলৈ মাৰনাস্ত্ৰ দেখুৱাই ভাবুকি দিলে কোনে ?

স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰীৰ নতুন মোৰ। এইবাৰ গোচৰ উঠাই লবলৈ মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি ভাবুকি এজাহাৰ কাৰীক। স্বাস্থ্য বিভাগৰ ভুৱা নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে সোণাৰি আৰক্ষীক এজাহাৰ প্ৰদান কৰা অন্যতম এজাহাৰকাৰী শংকু দেৱ ৰয়ক মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি ভাবুকি অমৃত গগৈ,ঊষা শ্যাম বাহিনীৰ। শংকুৰ বাসগৃহত গৈ নিশা তিনি যুৱকে মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি গোচৰ উঠাই লবলৈ ভাবুকি দিয়াৰ পাছতে নিৰাপত্তাৰ স্বাৰ্থত গোচৰ দিছে শংকুৱে।

উল্লেখ্য যে সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰিৰ পাছত একপ্ৰকাৰ জোকাৰণি স্বাস্থ্য বিভাগত।যোৱা তিনি আগষ্টত সোণাৰি আৰক্ষীয়ে চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ মুখ্য গাণণিক বিষয়া অমৃত গগৈক গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰাৰ পাছতেই হাহাকাৰ লাগিছে স্বাস্থ্য বিভাগত। বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে সোণাৰি আৰক্ষীয়ে । ইফালে স্বাস্থ্য বিভাগত ধনৰ বিনিময়ত ভুৱা নিযুক্তি প্ৰদান কৰা কুখ্যাত অমৃত গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা নিশা পুনৰ সোণাৰি আৰক্ষীয়ে শিৱসাগৰ ষ্টেচন চাৰি আলিৰ পৰা গগৈৰ সহযোগী মামুদ ৰহমানক সোধপোছৰ বাবে আটক কৰিছে। আনহাতে বৰ্তমানেও পলাতক জনৈক ৰমিজ।