এজাক বৰষুণত বুৰিল সোণাৰি নগৰ।

সোণাৰি, ২৭ জুলাই: যোৱা নিশা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বুৰিল সোণাৰি নগৰ।নগৰখনৰ মাজমজিয়াত থকা কেইবাখনো শিক্ষানুষ্ঠানৰ লগতে যথেষ্ট সংখ্যক ব্যৱসায়ীক প্ৰতিষ্ঠানত পানী প্ৰৱেশ কৰি বিস্তৰ ক্ষতি সাধন কৰে। ইফালে সোণাৰি নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত পানীৰে বুৰাই পেলায়। আনহাতে নগৰখনৰ বহু লোকৰ বাসগৃহত পানী সোমাই জন জীৱন ব্যাহত কৰি তুলিছে। উল্লেখযোগ্য যে নগৰখনত উপযুক্তভাবে পানী নিষ্কাষণৰ ব্যৱস্থা নথকাৰ বাবেই এজাক বৰষুণতেই নগৰখনত সৃষ্টি হয় কৃত্ৰিম বানৰ।নগৰৰ ৰাজপথৰ দুই কাষে বিজ্ঞান সন্মত নলা-নৰ্দমা নথকাৰ বাবে তদুপৰি যিখিনি নলা-নৰ্দমা আছে সেইবোৰ দীৰ্ঘদিন ধৰি চফা নকৰাৰ বাবেই এনেদৰে নগৰখনত কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছে।