চাহ শ্ৰমিকে এইবাৰ বোনাছ কিমান শতাংশ দিয়া হ'ব 

সোণাৰিত বোনাছ সম্পৰ্কীয় সভা সম্পন্ন

ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ বৃহত্তম সংগঠন অসম চাহ মজদুৰ সংঘ(ACMS)ই চাহ শ্ৰমিকসকলৰ বাবে দুৰ্গা পূজাৰ বোনাছ পূৰ্বৰ দৰে এইবাৰো ২০% দাবী কৰিছে। দুৰ্গা পূজাৰ পোন্ধৰ দিনৰ পূৰ্বে চাহ বাগিচাৰ শ্ৰমিকসকলক এই বোনাছ আদায় দিবলৈ দাবী জনাইছে সংগঠনটোৱে। আজি অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখাত সোণাৰি শাখাৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাৰ উপ-শাখা বিলাকৰ লগত বোনাছ সম্পৰ্কে এখন সভাৰ আয়োজন কৰা হয়। অসম চাহ মজদুৰ সংঘৰ সোনাৰি শাখাৰ সাধাৰণ সম্পাদক প্ৰকাশ নাগে শ্ৰমিকৰ বোনাছৰ বিষয়ে বাগিচাৰ পৰিচালক আৰু শ্ৰমিকৰ মাজত শ্ৰমিকৰ বোনাছ ২০ % হোৱাৰ বাবে এক চুক্তি স্বাক্ষৰিত হয় বুলি জনাই। তেওঁ কয় যে বোনাছৰ সময়ত বাগিচাৰ পৰিচালক আৰু শ্ৰমিকৰ মাজত হোৱা চুক্তিৰ পিছতো যিসকলৰ বোনাছৰ লগত কোনো সম্পৰ্ক নথকা কিছু সমাজ বিৰোধী লোকে বাগিচাত শ্ৰমিকক ভুল পথে পৰিচালিত কৰি বাগিচা সমূহত বিশৃংখলৰ সৃষ্টি কৰে তাৰ বাবে এইবাৰ পৰিচালক, বাগিচা ইউনিয়ন আৰু প্ৰশাসনক এই ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ অসম চাহ মজদুৰ সংঘৰ সোনাৰি শাখাৰ সাধাৰণ সম্পাদক প্ৰকাশ নাগে অনুৰোধ জনাইছে।