ঢকুৱাখনা বিধায়ক নৱ দলেৰ পিতৃ প্ৰবীণ ৰাজনীতিবিদ পৰমানন্দ দলে(৭৪)বিয়োগ।

বহুদিন ধৰি ৰোগাক্ৰান্ত হৈ থকা ব্যক্তিজন দেওবাৰে বিয়লি দিছপুৰ পলিক্লিনিকত শেষ নিশ্বাস ত্যাগ কৰে।১৯৪৮চনত ঢকুৱাখনা মাতমৰাত জন্ম গ্ৰহণ কৰা এই ৰাজিনীতিবিদ তথা ক্ৰীড়াবিদে প্ৰথমে কংগ্ৰেছ দলৰ হৈ ৰাজনৈতিক জীৱন আৰম্ভ কৰি ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি হোৱাৰ উপৰি ১৯৯১চনত কংগ্ৰেছ দলৰ পৰা আৰু ১৯৯৬চনত নিদলীয় হিচাপে ঢকুৱাখনা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰি পৰাজিত হয়।

তাৰোপৰি ২০০১চনৰ পৰা ২০০৫পৰ্যন্ত এইজন ৰাজনীতিবিদে গমেশ্বৰ পেগু নেতৃত্বাধীন মিছিং স্বায়ত শাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

পৰৱৰ্তী সময়ত তেখেতে ২০১১বৰ্ষত অসম গণ পৰিষদ দলত যোগদান কৰি ঢকুৱাখনা বিধান সভা সমষ্টিৰ সভাপতি হোৱা পিছত ২০১৫বৰ্ষত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি মৃত্যুৰ সময়লৈকে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে দ্বায়িত্ব পালন কৰিছিল।

এইজন প্ৰবীণ ৰাজিনীতিবিদৰ মৃত্যুত ঢকুৱাখনা লগতে সমগ্র অসমতে শোকৰ ছাঁ পৰিছে।তেখেতৰ মৃতদেহ আজি পুৱা ঢকুৱাখনা বাসগৃহত উপস্থিত হোৱাৰ পিছত পৰিয়ালৰ প্ৰতিজন তথা গুণমুগ্ধ সকলে শেষ শ্ৰদ্ধাঞ্জলিৰ জনাই।তাৰ পিছত তেখেতৰ মৃতদেহ ঢকুৱাখনা জিলা বিজেপি কাৰ্যালয় ,জন্ম গাঁও মাতমৰা আৰু অন্যান্য ৰাজহুৱা স্থানত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়