ডিব্ৰুগড় জিলাৰ টিংখাঙৰ নখাট গাঁও পঞ্চায়তৰ অন্তৰ্গত নখাট সোনোৱাল গাঁৱত অনা-অসমীয়া হিন্দী ভাষী ব্যক্তিক মাটি ক্ৰয় আৰু বিক্ৰীৰ সম্পূৰ্ণ নিষিদ্ধ অঞ্চল ঘোষনা কৰিছে গাঁৱবাসীয়ে ।গাঁওখনত নখাট গাঁও পৰিচালনা সমিতি, তৰুণজ্যোতি যুৱক সংঘ, নখাট মহিলা সমিতি, নখাট গাঁও নামঘৰ পৰিচালনা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ জৰিয়তে কোনো বহিৰাগত লোকক নখাট গাঁৱত ভুমিপুত্ৰ সোনোৱাল কছাৰীসকলৰ মাটি ক্ৰয় আৰু বিক্ৰী কৰিবলৈ দিয়া নহব বুলি প্ৰতিবাদী ৰাইজে স্পষ্ট কৰে । উল্লেখ্য যে, নখাট গাঁৱৰে এগৰাকী মহিলাই পৈতিক সম্পত্তি হিচাপে লাভ কৰা মাটি কোনো বহিৰাগতলোকক বিক্ৰী কৰিবলৈ লোৱা বুলি গাঁৱবাসীয়ে অভিযোগ কৰি এনে কাৰ্যত বিৰোধিতা কৰি গাঁৱবাসী প্ৰতিবাদ মুখৰ হৈ পৰে । সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাইও অনা-অসমীয়ালোকক কোনোকাৰণতে সোনোৱাল কছাৰী অধ্যুষিত অঞ্চলত মাটি ক্ৰয়-বিক্ৰী কৰা কাৰ্য মানিলোৱা নহব বুলি উল্লেখ কৰাৰ লগতে এনে কাৰ্যৰ বিৰুদ্ধে সদায়ে মাত মাতি যাব বুলি উল্লেখ কৰে সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বুধিন সোনোৱালে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Girish Mahajan यांनी अधिकाऱ्यांना झापलं, नेमकं काय घडलं?| BJP | Dhule News
Girish Mahajan यांनी अधिकाऱ्यांना झापलं, नेमकं काय घडलं?| BJP | Dhule News
BJP की पहली लिस्ट आज आ सकती है:बड़े चेहरों समेत 40 नामों की चर्चा
हरियाणा में विधानसभा चुनाव को लेकर भाजपा आज उम्मीदवारों की पहली लिस्ट जारी कर सकती है। इस लिस्ट...
मारवाड़ी युवा मंच खारुपेटिया के तत्वाधान में खारुपेटिया तेरापंथ भवन में निशुल्क कैंसर जाँच शिविर
मारवाड़ी युवा मंच खारुपेटिया शाखा के तत्वाधान में और असम कैंसर केयर फाउंडेशन के सहयोग के...
लगन लेकर जा रहे ऑटो टिकरिया मोड़ के पास हुआ दुर्घटनाग्रस्त,दो ऑटो में लगभग 30 लोग थे सवार
पन्ना :अमानगंज के बरबसपुरा से रैपुरा के बीजाखेड़ा लगन लेकर आ रहे दो ऑटो टिकरिया...