বাঁহী সুৰেৰে মুগ্ধ কৰা বৰহাটৰ ডৰিণা গগৈ

     

    যি সময়ত অসমৰ সাংস্কৃতিক জগত খনত প্ৰতিষ্ঠিত শিল্পী সকলে জীপালময় কৰি তুলিছে।আনহাতে ঠিক তেনে সময়তে অসমৰ বহু প্ৰতিভাবান নৱ-প্ৰজন্মৰ শিল্পী আছে।যি সকলে প্ৰতিভা সমূহ বিকাশ কৰিবলৈ সুবিধা পোৱা নাই। আৰ্থিক অনাতাঁৰ বাবেই হওঁক নতুবা উপযুক্ত যোগাযোগৰ অভাৱৰ বাবেই হওঁক তেওঁলোকৰ প্ৰতিভা সমূহ কলিতে মৰহি যোৱা পৰিলক্ষিত হয়।তেনে এগৰাকী উদ্দীয়মান ছোৱালী হৈছে বৰহাট শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰী ডৰিণা গগৈ। যাৰ বাঁহীৰ সুৰেৰে সকলোকে মুগ্ধ কৰি তুলিছে ।চৰাইদেউ জিলাৰ পঁইতাখাত গাঁৱৰ নিবাসী তথা শিক্ষক মোহন গগৈ ,মাতৃ স্মৃতি ৰেখা গগৈ, কন্যা ডৰিণা গগৈয়ে নৱম শ্ৰেণীৰ পৰাই ইউটিব চাই চাই বাঁহী বজাবলৈ আৰম্ভ কৰিছিল ।এটা সংস্কৃতিবান পৰিয়ালত জন্ম গ্ৰহণ কৰা ডৰিণা গগৈয়ে বাঁহীৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ ঘৰতে বাঁহী বজাই চৰ্চা কৰি আহিছে।