GACDC ৰ অধ্যক্ষ তথা অসম সন্তান হৰ্ক বাহাদুৰ ছেত্রীক সন্মানিত কৰা 'Pillar of Society 2021-22' বঁটাা প্ৰদান । Social Justice for international civil rights council affiliated to United Nations নামৰ সংস্থাই নতুন দিল্লীৰ সাংবিধানিক ক্লাৱত অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সন্তান তথা অসমীয়া গোৰ্খাৰ বলিষ্ঠ কণ্ঠ, গোৰ্খা স্বায়ত্ব শাসন দাবী সমিতি (Gorkha Autonomous council Demand Committee, GACDC) ৰ অধ্যক্ষ হৰ্ক বাহাদুৰ ছেত্ৰীক ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী শ্ৰীনাৰায়ন স্বামীদেৱৰ কৰকমলেৰে Pillar of Society 2021-22 আন্তৰ্জতিক বঁটা প্ৰদান কৰা হয়। ।

অসমীয়া গোৰ্খা জনগোষ্ঠীৰ আপোচহীন, নিৰ্ভীক তথা সংগ্ৰামী নেতা ছেত্ৰী ডাঙৰীয়াই বৃহত্তৰ অসমীয়া গোৰ্খা জনগোষ্ঠীক খিলঞ্জীয়া মৰ্যদা প্ৰদানৰ দাবীত 2016 চনত ঐতিহাসিক 650 কি: মি: পদযাত্ৰা কৰি ৰৈথানে সংগ্ৰমাক অধিক শক্তিশালী কৰি তুলিছিল। আন্তৰ্জাতিক বঁটা গ্ৰহণ কৰি অহা বিশিষ্ট ব্যক্তিগৰাকীক ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতেই আজি সৰ্মথকসকলে উষ্ম আদৰণি জনোৱাৰ লগতে এক বৃহৎ শোভাযাত্ৰাৰে তেখেতৰ ধেমাজি জিলাৰ গোগামুখস্থিত স্ব-গৃহলৈ আগবঢ়াই নিয়া হয়।